বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ গৈ সলিল সমাধি ঘটিল দশম শ্ৰেণীৰ ছাত্রৰ...

গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ পাৰ ঘাট মিণ্টু ঘাটত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ গৈ নৈত ডুবিল ছাত্ৰ।

author-image
Asomiya Pratidin
New Update
বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ গৈ সলিল সমাধি ঘটিল দশম শ্ৰেণীৰ ছাত্রৰ...

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ পাৰ ঘাট মিণ্টু ঘাটত আজি সংঘটিত হয় এক শোকাৱহ ঘটনা। একে শ্ৰেণীতে অধ্যয়ন কৰা এগৰাকী বন্ধুৰ জন্মদিন উদযাপন কৰিবলৈ আহি খাৰৈ নৈৰ বুকুত সলিল সমাধি ঘটিল দশম শ্ৰেণীৰ এগৰাকী ছাত্রৰ।

Advertisment

উক্ত ছাত্র জনৰ নাম লক্ষ্যদীপ দিহিঙীয়া বুলি জানিব পৰা গৈছে।গহপুৰ পৌৰহভাৰ চতিয়াচুক নিবাসী প্ৰয়াত দীপক দিহিঙীয়া আৰু পল্লৱী দিহিঙীয়াৰ একমাত্ৰ সন্তান লক্ষ্যদীপসহ মুঠ ছজন ছাত্র আজি দুপৰীয়া এখন ই-ৰিক্সাৰে আহিছিল মিণ্টু ঘাটলৈ।

ইয়াৰে এজন ছাত্রৰ আজি আছিল জন্মদিন। ছাত্রজনৰ জন্মদিন উদযাপনৰ বাবে তেওঁলোক প্ৰথমে যোৱাৰ কথা আছিল অসম অৰুণাচল সীমান্তৰ ৰাজগড়লৈ।কিন্তু অহা বাটত তেওঁলোকে গ্ৰহণ কৰা সিদ্ধান্ত সলনি কৰি মিণ্টু ঘাটলৈ অহাটো নিশ্চিত কৰে।
সেই অনুসৰি-দুপৰীয়া আহি পাইহি মিণ্টু ঘাট। মিণ্টু ঘাটত জন্মদিনৰ কেক কটাৰ পিছত অলপ আনন্দ ফূৰ্তিত মচগুল হয় তেওঁলোক। ইয়াৰ পিছতে "বাৰ্থ ডে বয়"ৰ মাকে ঘৰতে ৰান্ধি দি পঠিওৱা মাংসৰে নৈৰ পাৰত ভাত ৰান্ধি খায় তেওঁলোকে।

ভাত খোৱাৰ পিছত লক্ষ্যদীপে পানীত নামি খেলিবলৈ যায় আৰু তেনেতে খাৰৈ নৈৰ বুকুত নাইকিয়া হৈ পৰে তেওঁ।তেতিয়া সময় বিয়লি প্ৰায় ২-৩০ বাজিছিল।ইয়াৰ পিছতে হুৱাদুৱা লাগে মিণ্টু ঘাটত।

পৰবৰ্তী সময়ত হেলেম আৰক্ষী আৰু ডুবাৰু বাহিনী গৈ উপস্থিত হয় ঘটনাস্থলীত। ডুবাৰু বাহিনীয়ে মিণ্টু ঘাটৰ সমীপত খাৰৈ নৈৰ বুকুত দীৰ্ঘ সময় ধৰি চলোৱা অভিযানৰ অন্তত সন্ধিয়া প্ৰায় ৫-৩০ বজাত উদ্ধাৰ হয় লক্ষ্যদীপৰ মৃতদেহ।

পিছত আৰক্ষীয়ে মৃতদেহটো দণ্ডাধীশৰ উপস্থিতিত বিভাগীয় কাৰ্য্য সম্পাদন কৰি থানালৈ লৈ আহে। তেনেই কমবয়সীয়া ছাত্র জনৰ অকাল মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সমগ্র গহপুৰত।

ছাত্র কেইগৰাকীৰ অভিভাৱকৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই আজিৰ এই শোকাৱহ ঘটনাটো সংঘটিত হোৱা বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।দশম শ্ৰেণীৰ ছাত্ৰ কেইগৰাকীক অভিভাৱকসকলে এখন ই ৰিক্সাৰ জৰিয়তে নৈৰ পাৰলৈ জন্ম দিন উদযাপন কৰিবলৈ  পঠিয়াই দিয়া কাৰ্য্যক সহজভাৱে ল'ব পৰা নাই কোনেও। মৃত লক্ষ্যদীপ দিহিঙীয়া স্থানীয় গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র আছিল বুলি জানিব পৰা গৈছে।

গহপুৰ হেলেম