/asomiyapratidin/media/media_files/2025/01/30/g3EO4CMYd99EBYZifb5l.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: অসম আৰক্ষীয়ে নকৰা অথবা কৰিব নোখোজা এক স্পৰ্শকাতৰ কৰ্তব্য সমাপন কৰি দেখুৱালে এখন গাঁওৰক্ষী বাহিনীয়ে। অসম গাঁওৰক্ষী বাহিনী দিৱসৰ দিনাই নিজৰ কৰ্তব্যপৰায়নতা আৰু সামাজিক দায়িত্ববোধেৰে সমুজ্জল হৈ জিলিকি উঠিল ধেমাজি জিলাৰ এখন গাঁওৰক্ষী বাহিনী। এগৰাকী নিৰ্বোধ, নিঃসহায় নিৰ্জু নাবালিকাক অন্ধকাৰাছন্ন ভৱিষ্যতৰ পৰা উদ্ধাৰ কৰি উচ্চ প্ৰশংসিত হোৱা গাঁওৰক্ষী বাহিনীখন হৈছে ঘুগুহা গাঁওৰক্ষী বাহিনী।
ধেমাজি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘুগুহা গাঁওৰ এটা দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কিশোৰী ঘিলামৰাৰ আশ্ৰিত এটা ঘৰৰ পৰা যোৱা ২০জানুৱাৰীত সন্ধানহীন হৈছিল। দৰিদ্ৰতাই কোঙা কৰা ঘুগুহাৰ এগৰাকী দুৰ্ভগীয়া পৰিয়ালৰ নাবালিকা গৰাকী ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ১নং ঘিলামৰা গাঁওৰ পবিত্ৰ সূত(ভাই) আৰু কৰৱী বৈশ্য সূতৰ ঘৰত আশ্ৰিত আছিল।
বিগত প্ৰায় ৮ বছৰ ধৰি আশ্ৰিত নাবালিকা গৰাকী ২০ জানুৱাৰীৰ দুপৰীয়া হঠাৎ ঘিলামৰাৰ পৰা নিখোজ হয়। এই সন্দৰ্ভত আশ্ৰয়দাতাৰ লগতে ঘুগুহা গাঁওৰক্ষী বাহিনীয়ে ঘিলামৰা থানাত এজাহাৰ দাখিল কৰিছিল। কিন্তু ঘিলামৰা আৰক্ষীয়ে নাবালিকা গৰাকীৰ সন্ধান উলিওৱাত নির্লজ ভাবে ব্যৰ্থ হৈছিল । গঞা দৰিদ্ৰ পৰিয়ালটোৰ নিৰ্বোধ প্ৰায় ১৯বছৰীয়া নাবালিকা গৰাকী নিখোজ হোৱাৰ বিষয়টো ঘিলামৰা আৰক্ষীয়ে গুৰুত্ব নিদিলেও তৎপৰ হৈ পৰিছিল ঘুগুহা গাঁওৰক্ষী বাহিনী।
আৰক্ষীৰ বেপৰোৱা ভূমিকাৰ বিপৰীতে কিশোৰী গৰাকীক উদ্ধাৰ অভিযান আৰম্ভ কৰি বাহিনীয়ে চলোৱা নিৰন্তৰ নিজাববীয়া তদন্তৰ অন্তত কিশোৰী গৰাকীৰ সন্ধান ওলাই। যোৱা ২৫জানুৱাৰীৰ সন্ধিয়া চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ এক দুৰ্গম অঞ্চলত কিশোৰী গৰাকীৰ উপস্থিতিৰ সন্ধান লাভ কৰে বাহিনীয়ে। এই সন্দৰ্ভত ঘিলামৰা আৰক্ষীক খবৰ দিয়ে বাহিনীয়ে। কিন্তু ঘিলামৰা আৰক্ষীৰ মৰটোপনি নাভাগিল। গুৰুত্ব নাপালে কিশোৰী গৰাকীৰ উদ্ধাৰৰ বিষয়টোৱে ।
বিপৰীতে গাঁওৰক্ষী বাহিনীৰ সভাপতি প্ৰণৱ গগৈ ,সম্পাদক ফণীধৰ চাংমাই, সদস্য লোহিত বৰুৱা,জিতু গগৈ, সত্য নাৰায়ণ চাংমাই আদি ৯জনীয়া এটা দল গাঁঠিৰ ধন ভাঙি গৈ উপস্থিত হল কিশোৰী গৰাকীৰ সম্ভেদ পোৱা পাছিঘাটৰ দুই মাইল নামৰ বস্তি অঞ্চলত। নিৰন্তৰ অনুসন্ধানৰ অন্তত গাওঁৰক্ষী বাহিনীয়ে নিজস্ব কৌশল প্ৰয়োগেৰে কিশোৰী গৰাকীক নিৰাপদে উদ্ধাৰ কৰি স্বগৃহলৈ আনিবলৈ সক্ষম হয়। সম্প্ৰতি উদ্ধাৰ হোৱা কিশোৰী গৰাকী ঘুগুহাৰ পিতৃগৃহত আছে ।
স্মৰ্তব্য যে ঘূগুহা গাঁৱৰ কিশোৰী গৰাকী যোৱা প্ৰায় ৮ বছৰ ধৰি ঘিলামৰাৰ পবিত্ৰ সূত আৰু কৰৱী বৈশ্য সূতৰ ঘৰত আশ্ৰিত হৈ আছিল । কিশোৰী গৰাকীযে অভিযোগ উত্থাপন কৰা মতে গৃহস্থই প্ৰায়ে নাবালিকা গৰাকীক প্ৰবল মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ পৰাও বঞ্চিত কৰিছিল । এনে প্ৰেক্ষাপটত অতিষ্ঠ হোৱা নাবালিকা গৰাকী ঘিলামৰাৰ ঘৰৰ পৰা নিখোজ হৈছিল।
ঘুগুহা গাঁওৰ পিতৃ গৃহলৈ গলে পুনৰ ঘিলামৰাৰ বিশেষ ঘৰলৈ প্ৰেৰণ কৰিব বুলি শংকিত হৈ অৰুণাচলত বাস কৰা মাতৃৰ ওচৰলৈ জীৱনৰ নিৰাপত্তা সন্ধানত ঢাপলি মেলিছিল কিশোৰী গৰাকী । হিন্দী কব নজনাকৈয়ে শূণ্য হাতেৰে অচিনাকি পাচিঘাটৰ দুই মাইলৰ এখন দোকানৰ সমীপত পথ হেৰুৱাই উৰে দিনটো ৰৈ থকা অৱস্থাতে ২৮জানুৱাৰীৰ সন্ধিয়া গাঁওৰক্ষী বাহিনীয়ে গৈ উদ্ধাৰ কৰে কিশোৰী গৰাকীক।
ঘিলামৰা আৰক্ষীৰ দায়িত্বহীনতাৰ বিপৰীতে ঘূগুহা গাঁওৰক্ষী বাহিনীৰ অতি সক্ৰিয়তাৰ বাবেই নিৰ্জু কিশোৰী গৰাকী ভয়াবহ দুৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ'ল। এগৰাকী নিৰ্বোধ নিখোজ কিশোৰীক এনেদৰে সন্ধান উলিয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা গাঁওৰক্ষী বাহিনীৰ এনে তৎপৰতাৰ শলাগ লৈছে পিতৃ পৰিয়ালৰ লগতে সমগ্ৰ পশ্চিম ধেমাজিবাসীয়ে।
উল্লেখযোগ্য যে দৰিদ্ৰতাৰ গ্ৰাসত নিমৰ্জিত এই পৰিয়ালটোৰ দুগৰাকী আধাতে বিদ্যালয় এৰা কিশোৰীক এইখন গাঁওৰক্ষী বাহিনীয়ে পুনৰ ঘুগুহা উচ্চ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰি সমস্ত প্ৰয়োজনীয় ব্যয় বাহিনীৰ তৰফৰ পৰা বহন কৰাৰ দায়িত্ব লৈ অন্য এক মহানুভৱতাৰ দৃষ্টান্ত দাঙি ধৰি আহিছে। প্ৰণিধানযোগ্য যে গাওঁৰক্ষী বাহিনীৰ তৎপৰতাত উদ্ধাৰ হোৱা কিশোৰী গৰাকীৰ সুৰক্ষিত ভৱিষ্যত আৰু ন্যায় প্ৰাপ্তিৰ দাবীৰে বাহিনীয়ে অন্য এক পৰিকল্পনা হাতত লোৱা বুলি সম্পাদক ফণীধৰ চাংমাইযে জানিবলৈ দিলে ।