ক'ত হেৰাল মানৱতা ? ১৫ বছৰীয়া কিশোৰীক গণধৰ্ষণ, বিবস্ত্ৰ হৈ ঘৰলৈ উভতাৰ ভিডিঅ' ভাইৰেল...

গোচৰ ৰুজু হোৱাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
ক'ত হেৰাল মানৱতা ? ১৫ বছৰীয়া কিশোৰীক গণধৰ্ষণ, বিবস্ত্ৰ হৈ ঘৰলৈ উভতাৰ ভিডিঅ' ভাইৰেল...

uttar pradesh

ডিজিটেল ডেস্কঃ মানৱ সমাজক কলংকিত কৰা এক ঘটনাই সমগ্ৰ দেশত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। এগৰাকী কিশোৰীক গণধৰ্ষণ কৰি ধৰ্ষণকাৰীয়ে কিশোৰীৰ গৰাকীৰ পোছাক কাঢ়ি লৈ বিবস্ত্ৰ ৰূপত ঘৰলৈ যাবলৈ বাধ্য কৰাৰ এক ঘটনা পোহৰলৈ আহিছে।

Advertisment

এই চৰম অমানৱীয় আৰু মানৱ সমাজক কলংকিত তথা লজ্জানত কৰা ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ মোৰাদাবাদত সংঘটিত হোৱা এই ঘটনাই এতিয়া দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য।

এগৰাকী ১৫ বছৰীয়া কিশোৰীক এটা দুৰ্বৃত্তৰ দলে প্ৰথমে অপহৰণ কৰি পৰৱৰ্তী সময়ত গণধৰ্ষণ কৰে। ইয়াতে শেষ নহ'ল কিশোৰীৰ গৰাকীৰ ওপৰত অত্যাচাৰ। গণধৰ্ষণ কৰি দুৰ্বৃত্তৰ দলটোৱে কিশোৰীগৰাকীৰ সকলো পোছাক কাঢ়ি লয়। যাৰ বাবে প্ৰায় ২ কিলোমিটাৰ বিবস্ত্ৰ হৈ ঘৰলৈ যাবলৈ বাধ্য হয় কিশোৰীগৰাকী।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে মুঠ ৫ জন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। কিন্তু আশ্চৰ্যজনক ভাৱে উত্তৰ প্ৰদেশ আৰক্ষীয়ে এতিয়ালৈকে এই যুৱক কেইজনক আটক কৰা নাই।

প্ৰায় দুটা সপ্তাহ পূৰ্বে সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। কোনো অসাধু লোকে ধৰ্ষণৰ বলি হৈ বিবস্ত্ৰ ৰূপে স্বগৃহলৈ উভতাৰ ভিডিঅ' সংগ্ৰহ কৰি সেই ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰি তুলিছে। জানিব পৰা মতে বন্ধুৰ সৈতে এখন মেলালৈ যোৱাৰ সময়তে বাইকত অহা দুৰ্বৃত্তই তেওঁক অপহৰণ কৰিছিল।

uttar pradesh