১৩ বছৰীয়া কিশোৰী বলাৎকাৰ কাণ্ড, গ্ৰেপ্তাৰ ৭৪ জন,পলাতক বহুতো…

১৩ বছৰীয়া কিশোৰী বলাৎকাৰ কাণ্ড, গ্ৰেপ্তাৰ ৭৪ জন,পলাতক বহুতো…

author-image
asomiyapratidin
New Update
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল ডেস্ক: দেশত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে অন্ধ্ৰপ্ৰদেশৰ গুন্টৰৰ পৰা এক নৃশংস ঘটনাৰ খবৰ পোহৰলৈ আহিছে।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি এগৰাকী ১৩ বছৰীয়া কিশোৰীক প্ৰায় ৮০ গৰাকী লোকে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৭৪ জনক গ্ৰেপ্তাৰ কৰিছে। ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ১৩ বছৰীয়া কিশোৰী গৰাকীক বিগত ৮ মাহত অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগনাৰ বিভিন্ন বেশ্যালয়ত পঠোৱা হৈছিল। এই ঘটনাৰ লগত জড়িত ৭৪ গৰাকীকৈ লোকক মঙলবাৰলৈ গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, কিশোৰী গৰাকীৰ মাতৃৰ ২০২১ চনত কোৰোনাৰ ফলত মৃত্যু হৈছিল। যাৰ পাছত কিশোৰী গৰাকীৰ মাতৃৰ বান্ধৱী স্বৰ্ণ কুমাৰীয়ে কিশোৰী গৰাকীৰ দায়িত্ব লৈছিল।

ইয়াৰ পাছতেই কিশোৰী গৰাকীক বলপূৰ্বকভাৱে যৌন বেহাত নিয়োগ কৰিছিল। এই সন্দৰ্ভত কিশোৰী গৰাকীৰ পিতৃয়ে এজাহাৰ দাখিল কৰাৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। বৰ্তমান প্ৰায় ৬ জন লোক পলাতক অৱস্থাত আছে।

আৰু পঢ়ক: কলিয়াবৰ মহকুমা, আৰক্ষী প্ৰশাসন¸ সংবাদকৰ্মীৰ ৰঙালী বিহু উদযাপন

rape andhrapradesh