জঘন্য! সুৰাৰ ৰাগীত কিশোৰীক অপহৰণ, পাছত দলবদ্ধ ধৰ্ষণ কৰি হত্যা…

জঘন্য! সুৰাৰ ৰাগীত কিশোৰীক অপহৰণ, পাছত দলবদ্ধ ধৰ্ষণ কৰি হত্যা…

author-image
asomiyapratidin
New Update
জঘন্য! সুৰাৰ ৰাগীত কিশোৰীক অপহৰণ, পাছত দলবদ্ধ ধৰ্ষণ কৰি হত্যা…

ডিজিটেল ডেস্ক: এগৰাকী ১৪ বছৰীয়া কিশোৰীক অপহৰণ কৰি বলৎকাৰ আৰু হত্যা কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজনক। আন এজন অভিযুক্ত এতিয়াও পলাতক আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

Advertisment

ঘটনাৰ বিৱৰণী অনুসৰি ১৫ ফেব্ৰুৱাৰীৰ দিনা দিল্লীৰ নৰেলা অঞ্চলৰ পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰী প্ৰায় দুই দিন ধৰি নিৰুদ্দেশ হৈ থকা বুলি এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে।এজাহাৰৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ইয়াৰ মাজতে নৰেলা অঞ্চলৰ বাসিন্দা ৰাহুল ৰায়ে কয় যে তেওঁৰ দোকানৰ পৰা দুৰ্গন্ধ ওলাই আছে। লগতে দোকান খনত কাম কৰা এজন লোকো পলাতক হৈ আছে।

আৰক্ষীৰ মতে ৰাহুল কিবা কামৰ বাবে অন্য ঠাইলৈ গৈছিল আৰু ১৯ তাৰিখে ঘূৰি আহিছিল।ৰাহুলৰ অভিযোগৰ পাছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।মৃতদেহটো এটা বেগৰ ভিতৰত থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে।

কিন্তু ইয়াৰ পাছতেই আৰক্ষীয়ে লাভ কৰে এক বৃহত সফলতা। ২০-২১ ফেব্ৰুৱাৰীৰ নিশা মুম্বাইলৈ পলায়ন কৰাৰ যো-জা চলোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন অভিযুক্ত ।

আৰক্ষীৰ সোধ পোচত অভিযুক্তই কয় যে ১২ ফেব্ৰুৱাৰীৰ দিনা তেওঁ এজন বন্ধুৰ সৈতে দোকানত সুৰা পান কৰি আছিল আৰু কিশোৰী গৰাকীক ফোন কৰি দোকানলৈ মাতিছিল। যেতিয়া কিশোৰী গৰাকী দোকানলৈ আহিছিল তেতিয়া দলবদ্ধ ধৰ্ষণ কৰি তেওঁক হত্যা কৰে।

উল্লেখ্য যে, আৰক্ষীয়ে এতিয়াও আন গৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ তথ্য লাভ কৰা নাই দ্বিতীয় অভিযুক্তৰ বিৰুদ্ধে।

rape case minor girl delhi