/asomiyapratidin/media/media_files/2025/03/08/pRlG1gjwfdhqKuxKGtIj.jpg)
চতিয়াত নাবালিকাক অপহৰণ
ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ বৰভেটি গাৱঁৰ যুৱক দিলদাৰ হুছেইনে এগৰাকী নাৱালিকাক পাচঁমাইলৰ এটা ইটাভাটাৰ পৰা প্ৰলোভন দি অপহৰণ কৰি আনিছিল নিজ বাসগৃহলৈ ৷ স্থানীয় যুৱকৰ তৎপৰতাত সমগ্ৰ ঘটনাটো আৰক্ষীক অৱগত কৰাৰ লগতে আৰক্ষীৰ সহযোগত শুকুৰবাৰে নিশাই নাবালিকাসহ অভিযুক্ত দিলদাৰক চতিয়া আৰক্ষী থানালৈ অনা হয় ৷
চতিয়াৰ দক্ষিণাঞ্চলৰ হাতীগাওঁৰ নাবালিকাৰ মাতৃৰ এজাহাৰৰ ভিত্তিত ইটাভাটাত কাম কৰি থকা ছোৱালীক বিয়াৰ প্ৰলোভনৰে অপহৰণ কৰি অনা দিলদাৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ এই সমগ্ৰ ঘটনাকলৈ এতিয়া অঞ্চলজুৰি ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।