দলবদ্ধ বলাৎকাৰৰ গোচৰ ৰুজু কৰিবলৈ যোৱা কিশোৰীক বলাৎকাৰ আৰক্ষীৰ…

দলবদ্ধ বলাৎকাৰৰ গোচৰ ৰুজু কৰিবলৈ যোৱা কিশোৰীক বলাৎকাৰ আৰক্ষীৰ…

author-image
asomiyapratidin
New Update
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ ললিতপুৰ জিলাৰ পৰা মানৱ জাতিক লজ্জাজনক কৰা এটি খবৰ পোহৰলৈ আহিছে। বলাৎকাৰ কৰাৰ অভিযোগত নিলম্বন হৈছে এগৰাকী আৰক্ষী বিষয়া। এই ঘটনা সন্দৰ্ভত খানাৰ পুলিচ ইন চাৰ্জ তিলকধাৰী সৰোযৰ লগতে আন ৬জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

Advertisment

১৩ বছৰীয়া এগৰাকী কিশোৰীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি ২২ এপ্ৰিলত ৪ জন যুৱকে অপহৰণ কৰি তেওঁক ভোপাললৈ লৈ গৈছিল আৰু তাত ৩ দিন ধৰি তেওঁক দলবদ্ধ বলাৎকাৰ কৰা হৈছিল।

তাৰপাছত কিশোৰী গৰাকীক ৪ যুৱকে ঘূৰাই আনিছিল। ঘটনাৰ কিছুদিন পাছত যেতিয়া কিশোৰী গৰাকীয়ে গোচৰ ৰুজু কৰিবলৈ থানালৈ আহে তেতিয়া থানাৰ ইন চাৰ্জে তিলকধাৰী সৰোযেও তেওঁৰ লগত বলাৎকাৰ কৰে।

ললিতপুৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি অভিযোগ উত্থাপন হোৱা আৰক্ষী বিষয়া আৰু অন্য লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে।ইতিমধ্যে থানাৰ ইনচাৰ্জ গৰাকীক নিলম্বনো কৰা হৈছে। কিন্তু বৰ্তমান পলাতক আছে আৰক্ষী বিষয়া গৰাকী।

আৰু পঢ়ক: নগাঁৱৰ ২১১খন বিদ্যালয় পৰিচালনা সমিতিক বঁটা প্ৰদান

rape uttar pradesh crime