১জুলাইৰ পৰা প্ৰৱৰ্তন ৩খন নতুন আইনঃ IIT গুৱাহাটীত গুৰুত্বপূৰ্ণ সন্মিলন...

১জুলাইৰ পৰা প্ৰৱৰ্তন ৩খন নতুন আইনঃ  IIT গুৱাহাটীত গুৰুত্বপূৰ্ণ সন্মিলন...

ডিজিটেল ডেস্কঃ যোৱা ১৮ আৰু ১৯মে’ত গুৱাহাটী আই আই টিত এখনি গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত হৈ যায়।  দেশত নতুনকৈ প্ৰবৰ্তন হব লগা ৩খন আইন সন্দৰ্ভত আই আই টিত অনুষ্ঠিত হোৱা এই দুদিনীয়া সন্মিলনত ৰাজ্যৰ প্ৰশাসনিক তথা আৰক্ষী বিষয়াৰ লগতে সমাজৰ ভিন্নক্ষেত্ৰৰ বহুজনে অংশ লয়। কেন্দ্ৰীয় আইন মন্ত্ৰী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকী ন্যায়াধীশে এই সন্মিলনত অংশ লৈ প্ৰৱৰ্তন হ'বলগীয়া ৩খন আইনৰ বিষয়ে বিস্তৃতভাৱে বিৱৰণ আগবঢ়ায়।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়া বছৰবোৰত ভাৰত চৰকাৰে প্ৰাচীন ঔপনিৱেশিক কিছু আইন বাতিল কৰি নাগৰিক কেন্দ্ৰিক আৰু সজীৱ গণতন্ত্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰা আইন প্ৰণয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে শেহতীয়াকৈ দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ উপযোগী হোৱাকৈ তিনিখন নতুন আইন প্ৰণয়ন কৰা হৈছে।

ভাৰতীয় ন্যায় সংহিতা- ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা- ২০২৩ আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম-২০২৩ এই তিনিখন আইন নতুনকৈ দেশত কাৰ্যকৰী হব। পূৰ্বৰ ভাৰতীয় দণ্ডবিধি আইন ১৮৬০,  অপৰাধ সংহিতা ১৯৭৩ আৰু ভাৰতীয় প্ৰমাণ আইন ১৮৭২ৰ ঠাইত এই নতুন আইন তিনিখন ২০২৪ ১জুলাইৰ পৰা কাৰ্যকৰী হব।

এই সন্মিলনখনিত নতুনকৈ প্ৰৱৰ্তন হব লগা আইন তিনিখনৰ বিষয়ে বিস্তৃত ব্যাখাৰ লগতে আইনকেইখনৰ বিভিন্ন দফাৰ লৈ প্ৰশ্নোত্তৰ শিতানো ৰখা হয়। এই সন্মিলনখনিত বহু সংখ্যক আইনৰ ছাত্ৰ-ছাত্ৰীয়েও অংশ লোৱা দেখা যায়। প্ৰণিধানযোগ্য যে, এই আইনকেইখনৰ সন্দৰ্ভত প্ৰথমখন সন্মিলনী ২০২৪ৰ ২০এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হৈছিল। গুৱাহাটীৰ আই আই টিত এই সন্মিলন খনি আইন আৰু ন্যায় মন্ত্ৰালয়ে অসম চৰকাৰৰ সহযোগত ড . ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in