/asomiyapratidin/media/media_files/2024/12/12/80YjfERrKd93X3trgSTe.jpg)
ডিজিটেল সংবাদ, শিলচৰ : অসম চৰকাৰৰ কেবিনেটত নতুনকৈ মন্ত্ৰিত্ব লাভ কৰাৰ পিচত বৃহস্পতিবাৰে বৰাকত উপস্থিত হৈছে উপত্যকাটোৰ দুই মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পাল। দুয়োগৰাকী মন্ত্ৰীকে আজি উষ্ম সম্বৰ্ধনা জনোৱা হয়।
পুৱা কুম্ভীৰগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত কেইবা শ বাহনেৰে মন্ত্ৰীদ্বয়ক শিলচৰলৈ আদৰি আনে কাছাৰ আৰু শ্ৰীভূমি জিলাৰ বিজেপি কৰ্মীসকলে। এই সময়ছোৱাত ঠায়ে ঠায়ে গামোছা আৰু মালা পিন্ধাই উষ্ণ আদৰণি জনাই মন্ত্ৰীদ্বয়ক।
/asomiyapratidin/media/media_files/2024/12/12/8Du9yzvDSbs1THbJ5672.jpg)
শিলচৰ ৰংপুৰত উপস্থিত হোৱাৰ পিচত মধুৰামুখত থকা অটল বিহাৰী বাজপেয়ীৰ মুৰ্তিত মাল্যাৰ্পন কৰে মন্ত্ৰীদ্বয়ে। তাৰ পৰা বিশাল বাইক ৰেলী কৰি মন্ত্ৰী দুজনক শিলচৰৰ বিজেপি কাৰ্যলয়লৈ আদৰি অনা হয়। কাছাৰ জিলা বিজেপিৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত জিলা সভাপতি বিমলেন্দু ৰয়ে দুয়োগৰাকী মন্ত্ৰীক গামোচা, চাদৰ আৰু ষ্মাৰক প্ৰদান কৰি সম্বৰ্ধনা জনায়।
ইয়াৰ পিচত কাছাৰ জিলা বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসহ দলৰ বিভিন্ন গোটৰ কমিটীৰ নেতৃবৰ্গই গামোছা, ফুলৰ মালা আৰু উত্তৰীয় পিন্ধাই উষ্ণ আদৰণি জনাই নৱ নিযুক্ত মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালক। সম্বৰ্ধনা অনুষ্ঠানত ভাষণ প্ৰদান কৰি দুয়োজন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকক মন্ত্ৰিত্ব দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
/asomiyapratidin/media/media_files/2024/12/12/CSaCFIVt31rNtAgElIiE.jpg)
মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ওপৰত দিয়া বিভিন্ন বিভাগৰ গুৰু দায়িত্ব নিষ্ঠাৰে পালন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তেওঁলোকৰ হাতত যিহেতু সময় অতি কম, গতিকে আটাইকেইটা বিভাগৰ কাম যথাসাধ্য কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব বুলি দলীয় কৰ্মীসকলক আশ্বাস প্ৰদান কৰে।
ইফালে, অহা ডেৰমাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচন আৰু প্ৰথমবাৰৰ বাবে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে যাতে ভাল ফল প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে সকলোকে আহ্বান জনাই মন্ত্ৰী কৌশিক ৰায়ে। কাছাৰৰ ১৫ টা ব্লক আৰু ১৬২ টা পঞ্চায়তত বিজেপিয়ে জয়লাভ কৰাৰ লগতে প্ৰথমবাৰৰ বাবে শিলচৰ পৌৰ নিগমো দখল কৰিব বুলি দাবী কৰে কৌশিক ৰায়ে।
/asomiyapratidin/media/media_files/2024/12/12/CnjyBQK5O1hwwRdexQSf.jpg)
আনহাতে দুয়ো ভাই হিচাপে বৰাকৰ উন্নয়ণ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী কৃষ্ণেন্দু পালে। উজনি আৰু নামনি অসমৰ সমন্তৰালভাৱে বৰাকৰো সম উন্নয়ণ কৰিব বুলি দোহাৰে নৱ নিযুক্ত মন্ত্ৰীগৰাকীয়ে।
আনহাতে, অসমত দুগ্ধ উৎপাদন আৰু মৎস্য উৎপাদনত অধিক গুৰুত্ব দিব বুলি মন্তব্য কৰে পশুপালন আৰু মীন বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী কৃষ্ণেন্দু পালে। অধিক দুগ্ধ আৰু মৎস উৎপাদন কৰি অসমৰ বাহিৰলৈ ৰপ্তানি কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/media_files/2024/12/12/D3BBM5u4xePsF0wJFUDM.jpg)
আনহাতে বৰাকৰ সু বিশাল ছন বিল আৰু ছাটলা বিলত প্ৰচুৰ মৎস্য উদপাদনৰ বাবে এক অভিলাষী আঁচনি গ্ৰহন কৰিব বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আশা কৰে যে এই আঁচনিৰ জৰিয়তে বৰাকৰ চুবুৰীয়া ৰাজ্যসমূহলৈও মাছ ৰপ্তানি কৰিব পৰা যাব। কাছাৰ বিজেপি কাৰ্যালয়ক সম্বৰ্ধনা গ্ৰহন কৰাৰ পিচত দলীয় কাৰ্যলয়ৰ পৰা শিলচৰত উলিওৱা এক পদযাত্ৰাতো অংশগ্ৰহন কৰে মন্ত্ৰীদ্বয়ে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us