বিভাগীয় অভিযন্তাক কি নিৰ্দেশ দিলে মন্ত্ৰী ৰূপেশ গোৱালাই ?

বৃহস্পতিবাৰে পুৱাই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী ৰূপেশ গোৱালাই বিভাগীয় অভিযন্তা সকলৰ সৈতে মত-বিনিময় কৰে। অভিযন্তাসকলক এই নিৰ্মাণকাৰ্য খৰতকীয়া কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
বিভাগীয় অভিযন্তাক কি নিৰ্দেশ দিলে মন্ত্ৰী ৰূপেশ গোৱালাই ?

বিভাগীয় অভিযন্তাক কি নিৰ্দেশ দিলে মন্ত্ৰী ৰূপেশ গোৱালাই ?

ডিজিটেল সংবাদ, হাজোঃ হাজোত নৱ-নিৰ্মিত জে'ল পৰিদৰ্শন কৰিলে মন্ত্ৰী ৰূপেশ গোৱালাই। বিভাগীয় বিষয়াৰ সৈতে কাম কাজৰ বুজ ল'লে মন্ত্ৰীগৰাকীয়ে। হাজোৰ বাগটাত নিৰ্মাণ কৰি থকা হৈছে এই অত্যাধুনিক জে'লখন। ইতিমধ্যে জে'লখনৰ নিৰ্মাণ কাৰ্য্য তীব্ৰগতিত আৰম্ভ হৈছে।

Advertisment

বৃহস্পতিবাৰে পুৱাই নিৰ্মাণস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী ৰূপেশ গোৱালাই বিভাগীয় অভিযন্তা সকলৰ সৈতে মত-বিনিময় কৰে। অভিযন্তাসকলক এই নিৰ্মাণকাৰ্য খৰতকীয়া কৰাৰো নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীক সংগ দিয়ে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই।।

হাজো