বজালীৰ ১১ শিল্পীক মানপত্ৰ প্ৰদান অনুষ্ঠানত ৰণজিৎ কুমাৰ দাস

'ভ্ৰাম্যমাণ থিয়েটাৰৰ ঐতিহ্য বহনকাৰী বজালী জিলাত ঘৰে ঘৰে শিল্পী আছে। জন্মসূত্ৰে কোনোৱে নৃত্য, কোনোৱে নাট, কোনোৱে বাদ্য, কোনোৱে কণ্ঠ তথা কোনোৱে হস্তশিল্পত পাৰদৰ্শী হয়।'

author-image
Asomiya Pratidin
New Update
বজালীৰ ১১ শিল্পীক মানপত্ৰ প্ৰদান অনুষ্ঠানত ৰণজিৎ কুমাৰ দাস

ডিজিটেল সংবাদ পাটাছাৰকুছি: "ভ্ৰাম্যমাণ থিয়েটাৰৰ ঐতিহ্য বহনকাৰী বজালী জিলাত ঘৰে ঘৰে শিল্পী আছে। জন্মসূত্ৰে কোনোৱে নৃত্য, কোনোৱে নাট, কোনোৱে বাদ্য, কোনোৱে কণ্ঠ তথা কোনোৱে হস্তশিল্পত পাৰদৰ্শী হয়। তেনেকৈয়ে পেছাগতভাৱে হওক অথবা নিচাগতভাৱেই হওক, জিলাখনৰ নাম উজলায়। সেইসকলৰ মাজৰপৰা এইবাৰ ২০২৪-২৫ বৰ্ষত ১১জন প্ৰবীন শিল্পীক অসম চৰকাৰে শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মানেৰে সন্মানিত কৰিছে।"

Advertisment

আজি বজালী জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাঘৰত অনুষ্ঠিত শিল্পীক মানপত্ৰ প্ৰদান অনুষ্ঠানত জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাসে এইদৰে কয়। লগতে শিল্পীসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি অসম চৰকাৰৰ সাংস্কৃতিক সংঞ্চালকালয়ে প্ৰেৰণ কৰা মানপত্ৰ প্ৰদান কৰে। 

১১ গৰাকী শিল্পীৰ ভিতৰত ৩ গৰাকী শিল্পী পেঞ্চন প্ৰাপক ক্ৰমে কাৰিকৰী শিল্পী আঘোনা হালৈ, ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক-নাট্যকাৰ চন্দ্ৰকান্ত মুছাহাৰী আৰু নৃত্য পৰিচালক দিলীপ ৰয়। ৮ গৰাকী বাৰ্ষিক শিল্পী সন্মানপ্ৰাপক ক্ৰমে সংগীত শিল্পী কুশল চন্দ্ৰ দাস, বাদ্যশিল্পী গোপেশ তালুকদাৰ, হস্তশিল্পী (বাঁহ-বেত) কুমুদ কলিতা, বাদ্যশিল্পী নৃপেন ৰয়, ওজাপালিৰ ওজা নৰেন ৰয়, নৃত্যশিল্পী-নৃত্য পৰিচালক অক্ষয় মেধি, সংগীত শিল্পী-নাট্যকাৰ-পৰিচালক অচ্যুৎ বৈশ্য আৰু লোকসংগীতৰ শিল্পী দেৱেশ্বৰ ডেকা। 

দেৱেশ্বৰ ডেকাই যোৱা ২১ মাৰ্চত ইহলীলা সম্বৰণ কৰাৰ বাবে তেখেতৰ পুত্ৰ ভাস্কৰজিৎ ডেকাই আৰু গোপেশ তালুকদাৰ অসুস্থ হৈ থকাৰ বাবে তেখেতৰ পুত্ৰ ত্ৰিদীপ তালুকদাৰে মানপত্ৰ গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, অতিৰিক্ত জিলা আয়ুক্ত প্ৰাঞ্জল প্ৰতীম কোঁৱৰ, সহকাৰী দীপাংক দত্ত, তুতুল মানৱ প্ৰমুখ্যে জিলা আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।

বজালী মন্ত্ৰী ৰণজিৎ কুমাৰ দাস