বাক্সাত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

অমৃত সৰোবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ, ৰাষ্ট্ৰীয় সামাজিক সহায়তা আঁচনি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অন্যান্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত আলোচনাত আগ ভাগ লয় মন্ত্ৰীগৰাকীয়ে। 

author-image
Asomiya Pratidin
New Update
মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

ডিজিটেল সংবাদ, বাক্সা : মঙলবাৰে বাক্সা জিলাৰ মুছলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা বৈঠকত অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনত চলি থকা বিকাশমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ মূল্যায়ন কৰে ।

Advertisment

উল্লেখযোগ্য যে, বাক্সা জিলাৰ আয়ুক্ত গৌতম দাসে মন্ত্ৰীগৰাকীক আদৰণি জনায় আৰু জিলাখনৰ বিকাশৰ বৰ্তমানৰ অৱস্থা তথা মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনৰ উদ্দেশ্য সন্দৰ্ভত এটি সংক্ষিপ্ত বিৱৰণ প্ৰদান কৰে। অমৃত সৰোবৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা – গ্ৰামীণ, ৰাষ্ট্ৰীয় সামাজিক সহায়তা আঁচনি, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অন্যান্য আঁচনিৰ অগ্ৰগতি সন্দৰ্ভত বিস্তৃত আলোচনাত আগ ভাগ লয় মন্ত্ৰীগৰাকীয়ে। 

লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্র কৰি পৰ্যটন বিভাগৰো পৰ্যালোচনা কৰা হয়। মন্ত্ৰী দাসে নানা ধৰণৰ সমস্যা আৰু বাধাসমূহৰ বিষয়ে আলোচনা কৰি তেওঁ মৌ উৎপাদন, পৰ্যটন উন্নয়ন আৰু ফল উৎপাদনৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। স্থানীয় উৎপাদনৰ সৈতে ৰাজ্য তথা ৰাষ্ট্ৰৰ অন্য অংশৰ বজাৰৰ সংযোগ স্থাপন আৰু বাক্সা জিলাৰ বিশেষ সামগ্ৰীৰ সফল ব্ৰেণ্ডিংৰ প্ৰয়োজনীয়তা তেওঁ উল্লেখ কৰে।

উক্ত বৈঠকত বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম,  এম চি এল এ গৌতম দাস,  এ ডি চি মুস্তাফা ছালিম আহমেদ আদি কৰি জিলাখনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

ranjit kumar das