‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কোনেও আক্ৰমণ কৰিব নালাগে’- ধুবুৰীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিৎ দাসৰ প্ৰতিক্ৰিয়া

কেবিনেট তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস আজি ধুবুৰীত আহি উপস্থিত হয়। এক চৰকাৰী কাৰ্যসূচীত অংশ লৈ তেওঁ শেহতীয়া বিতৰ্কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে

author-image
Asomiya Pratidin
New Update
‘গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কোনেও আক্ৰমণ কৰিব নালাগে’- ধুবুৰীত উপস্থিত হৈ মন্ত্ৰী ৰঞ্জিৎ দাসৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ ধুবুৰীঃ  অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস আজি ধুবুৰীত আহি উপস্থিত হয়। ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰীগৰাকী।

পিছত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে জনায় যে, ধুবুৰীত চৰকাৰী বিভিন্ন আঁচনিৰ বাঁচনি হোৱা তালিকাসমূহৰ আজি ভালদৰে নিৰীক্ষণ কৰি সেইবোৰৰ কাৰ্যকৰী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইপিনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক লৈ কৰা মন্তব্যৰো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। 

তেওঁ কয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকাও বিধায়ক আছিল। কিন্তু ৰাইজে তেওঁলোকক বিধায়ক বুলি নাজানিছিল। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক কোনেও আঘাত কৰিব নালাগে।

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আঘাত কৰিলে সামাজিক ন্যায় ব্যৱস্থাই নোহোৱা হৈ পৰিব বুলি তেওঁ কয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰে যে জনপ্ৰতিনিধি আৰু সাংবাদিকৰ সংঘাত হোৱাটো বেয়া কথা। 

এটা সময়ত তেওঁ নিজেই সাংবাদিকতাৰ দৰে পবিত্ৰ বৃত্তিত কাম কৰাৰ কথা সোঁৱৰণ কৰি কয় যে, সাংবাদিক তথা সাংবাদিকতা হৈছে সমাজৰ দাপোণ স্বৰূপ। আনহাতে গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ বটল দলিওয়াকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, যিসকল কংগ্ৰেছীয়ে এই কাম কৰিছে তেওঁ লোকক চিনাক্ত কৰি শাস্তি দিব লাগে। 

তদুপৰি এয়া কংগ্ৰেছৰ পুৰণি সংস্কৃতি বুলি কৈ ৰাজ্যখনত কংগ্ৰেছ নেতা, কৰ্মীসকল এতিয়া হতাশাত ভূগিছে বুলিও তেওঁ মন্তব্য কৰে। ইপিনে ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত সভাৰ কাম সমাপ্ত কৰি  মন্ত্ৰীগৰাকীয়ে ধুবুৰী জিলা বিজেপি কাৰ্যালয়লৈ গৈ জিলা বিজেপিৰ কাৰ্যকৰ্তাৰ সৈতে এখন সভাত মিলিত হয়। 

উল্লেখযোগ্য যে মঙলবাৰে ধুবুৰী জিলা দিৱস উপলক্ষে উক্ত জিলা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে। ধুবুৰী জিলা প্ৰশাসনেও জিলা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি লোৱা বুলি জানিব পৰা গৈছে।

জয়ন্ত মল্লবৰুৱা মন্ত্ৰী ৰঞ্জিত দাস