/asomiyapratidin/media/media_files/2024/12/18/CpTYJLW88iISdXa8JT59.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মঙলবাৰে কেবাটও মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ দাসে। তেওঁ জনাই যে, এইবেলি দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাই চৰকাৰে। প্ৰথম পৰ্যায়ত উজনি অসমত নিৰ্বাচন হোৱা পাছতে দ্বিতীয় পৰ্যায়ত নামনি অসমত হ'ব লাগে পঞ্চায়ত নিৰ্বাচন।
শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনক লৈ নিৰ্বাচন আয়োগক এই আৱেদন জনাই চৰকাৰে। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ ইংগিত দিয়ে মন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, এইবেলি নিৰ্বাচনত পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন। লগতে গাঁওবাসীৰ প্ৰিয় ব্যক্তিয়েহে পঞ্চায়ত নিৰ্বাচন খেলিব বুলি মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ দাসে।