১০ছেপ্টেম্বৰৰ পিছত গৌৰৱ গগৈৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ নাথাকেঃ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

আজি ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বী সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস...

author-image
Asomiya Pratidin
New Update
sf

ডিজিটেল সংবাদ,ধুবুৰী:  অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আজি ধুবুৰীত উপস্থিত হয়। ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বী সকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।

Advertisment

উল্লেখযোগ্য যে, অসম চৰকাৰৰ এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে চাহ বাগানৰ শ্ৰমিক সকললৈ পাঁচ হেজাৰ কৈ টকা আগবঢ়োৱাৰ বাবে চৰকাৰে যি সিদ্ধান্ত লৈছে তাৰেই অংশ হিচাপে ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ধুবুৰী জিলাতো জিলা প্ৰশাসন তথা জিলা খনৰ বিলাসীপাৰা সমজিলাৰ অধীনত থকা তিনিখন চাহ বাগানৰ নেতৃত্বৰ সৈতে আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এক  বৈঠকত মিলিত হয়।

্ি

উক্ত বৈঠকত জিলাখনৰ  চাহ শ্ৰমিক সকলক পাঁচ হেজাৰ কৈ টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। ইপিনে জিলাখনত চলি থকা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ কামৰ বুজ লোৱাৰ অন্তত মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰে যে  এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যত এটা বিৰাট পৰিৱৰ্তন হোৱা দেখা গৈছে। এই পঞ্চায়ত নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘূ মানুহে বিজেপিক সমৰ্থন কৰা দেখা গৈছে আৰু বহু ধৰ্মীয় সংখ্যালঘূ প্ৰতিনিধিয়ে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি জয়ৰ মুখ দেখিছে।

সংখ্যালঘূ মুছলিম অধ্যুষিত অঞ্চলত কংগ্ৰেছৰ স্থিতি এতিয়া একেবাৰে নোহোৱা হৈ পৰিছে। সংখ্যালঘূ মুছলিম লোকে এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমুখী কাম-কাজ সমূহ চাই বিজেপিক আকোঁৱালি লৈছে বুলি কয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।

বিজেপিয়ে কোনোদিনে ক্ষমতাৰ বাবে শাসনত অহা নাই বুলি কৈ মন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপি ৰাইজৰ সেৱাৰ বাবেহে কাম-কাজ কৰি আছে। আনহাতে গৌৰৱ গগৈৰ প্ৰসংগত মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাংবাদিকৰ আগত মন্তব্য কৰি কয় যে, অহা ১০ ছেপ্টেম্বৰৰ পিচত গৌৰৱ গগৈৰ কংগ্ৰেছ সভাপতিৰ আসনটো নাথাকিব। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ প্ৰসংটো তেওঁ স্পষ্ট কৰি জনাব।

ূীূ

গৌৰৱ গগৈয়ে কি কাৰণত পাকিস্তানত গৈছিল আৰু পাকিস্তানত তেওঁ কি কৰিছিল আদি বিষয়ত। গতিকে কংগ্ৰেছ যদি টিকি থাকিব লগা হয় অহা ১০ ছেপ্টেম্বৰত অসম চৰকাৰে যিখিনি কথা আনিব বা প্ৰস্তাৱ লৈ আনিব তেনে ক্ষেত্ৰত কংগ্ৰেছ দলটো যদি ধৰি ৰাখিব লগা হয় তেনে পৰিস্থিতিত অহা ১০ ছেপ্টেম্বৰৰ পিচত গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদটোত নাথাকিবও পাৰে বুলি মন্ত্ৰী গৰাকীয়ে অনুমান কৰিছে বুলি উল্লেখ কৰে।

আনহাতে ধুবুৰীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা শৃংখল চলিহা সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে তেওঁ সৰু লৰা,মাথাত বুদ্ধি নাই আৰু ধুবুৰী সন্দৰ্ভত শৃংখল চলিহাৰ  কোনোধৰণৰ জ্ঞান নাই বুলি কয় মন্ত্ৰী গৰাকীয়ে। শৃংখল চলিহা সৰু ল'ৰা যি আহে মুখত তাকে বকি থাকে বুলি মন্ত্ৰী দাসে মন্তব্য কৰে ৷ ইপিনে দুদিনীয়া কাৰ্যসূচী হাতত লৈ ধুবুৰীলৈ অহা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কাইলৈ ধুবুৰীত কেবাটাও কাৰ্যসূচীত অংশ ল'ব বুলি জানিব পৰা গৈছে।

 

 

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস