/asomiyapratidin/media/media_files/2025/08/03/1-2025-08-03-13-12-44.jpg)
ডিজিটেল সংবাদ,বাক্সাঃ ৪ আগষ্টত বাক্সা জিলাৰ অদালবাৰীত এক দলীয় সভাত অংশ ল'ব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। উক্ত সময়ছোৱাত জিলাখনৰ অন্তৰ্গত মুছলপুৰ মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী গৰাকী।
সেয়ে আজি সভা স্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । তেওঁ সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । কংগ্ৰেছক প্ৰধান শত্ৰু বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে অসম তথা বিটিআৰত কংগ্ৰেছক স্থান নিদিয়াৰ কথা উল্লেখ কৰে।
উল্লেখযোগ্য যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে। লগতে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ সন্দৰ্ভতো কয় মন্ত্ৰী গৰাকীয়ে।