/asomiyapratidin/media/media_files/2024/12/17/EM4qYqaO4h8J1AFDSWzm.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ আজিৰ তাৰিখত অসমত মূল্য বৃদ্ধিৰ প্ৰাসংগিকতা নাই বুলি ক'লে মন্ত্ৰী প্ৰশান্ত ফুকনে। মঙলবাৰে ধুবুৰীত হিতাধিকাৰীৰ মাজত ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণৰ এক অনুষ্ঠানত ভাগ লৈ মন্ত্ৰী প্ৰশান্ত ফুকনে সাংবাদিকৰ আগত স্মাৰ্ট মিটাৰক লৈয়ো বিভ্ৰান্তিকৰ মন্তব্য কৰে।
মন্ত্ৰী গৰাকীয়ে কয় যে এইটো স্মাৰ্ট মিটাৰ নহয় চেঞ্চেটিভ মিটাৰ হে। টিভিৰ ৰিম'ৰ্টৰে টিভিটো বন্ধ কৰিলেই নহ'ব টিভিত চুইটছ টিপি টিভি বন্ধ কৰিব লাগিব। এক দেশ এক নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াক এক ভাল সিদ্ধান্ত বুলি উল্লেখ কৰে তেওঁ।
তেওঁৰ মতে, অসমৰ সমূহ জিলাৰ জনতাৰ বাবে শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে বিকাশৰ ১২ দিন কাৰ্যসূচীয়ে বুজাইছে অসমৰ উন্নতি। ইপিনে ধুবুৰীতো বিকাশৰ ১২ দিন অনুষ্ঠানলৈ অংশ গ্ৰহণ কৰাৰ উদ্যেশ্যে মন্ত্ৰী প্ৰশান্ত ফুকনে মঙলবাৰে ধুবুৰীত উপস্থিত হয়।
মঙলবাৰে ধুবুৰীত অসম মাইক্ৰফাইনেঞ্চৰ অধীনত ৯ টা শাখাৰ ৪১০৪ জন হিতাধিকাৰীৰ আনুষ্ঠানিকভাৱে ঋণমুক্ত প্ৰমাণ পত্ৰ বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে।২০২৪ চনত হৈ যোৱা বানপানী আৰু ধুমুহা বতাহত ধুবুৰী জিলাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ ঘৰ দুৱাৰ খেতিপথাৰ, মীন পালন,ৰেশম শিল্পত ক্ষতিগ্ৰস্ত লোকলৈ ৬ কোটি ৩১ লাখ ৫২ হেজাৰ ৭৬৫ টকাৰ সাহায্য প্ৰদান কৰে ।
তদুপৰি জিলা খনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ২৭০ টাকৈ আত্মসহায়ক গোটৰ মহিলা সকলক মুঠ ১ কোটি ৭৭ হাজাৰ টকাৰ চেক বিতৰণ কৰে মন্ত্ৰী গৰাকীয়ে।