অনুসূচিত জাতিৰ ১৩ সংগঠনৰ সৈতে বৈঠক পীযুষ হাজৰীকাৰঃ সকলো প্ৰতিবাদী কাৰ্যসূচী প্ৰত‍্যাহাৰ

কেওঁট সম্প্ৰদায়ক অনুসূচীত জাতি শ্ৰেণীত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি ১৩ অনুসূচিত জাতি সংগঠনে অসম বন্ধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰিছিল ।

author-image
Asomiya Pratidin
New Update
অনুসূচিত জাতিৰ ১৩ সংগঠনৰ সৈতে বৈঠক পীযুষ হাজৰীকাৰঃ সকলো প্ৰতিবাদী কাৰ্যসূচী প্ৰত‍্যাহাৰ

ডিজিটেল সংবাদ দিছপুৰঃ কেওঁট সম্প্ৰদায়ক অনুসূচীত জাতি শ্ৰেণীত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি ১৩ অনুসূচিত জাতি সংগঠনে ২৯ জুলাই আৰু  ১ আগষ্টত অসম বন্ধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহন কৰিছিল । আজি এই সম্পৰ্কে সামাজিক ন‍্যায় আৰু সবলীকৰণ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সৈতে সংগঠন সমূহৰ প্ৰতিনিধিসকলৰ এক বৈঠক অনুষ্ঠিত হয়। 

Advertisment

মন্ত্ৰীগৰাকীয়ে এই সংগঠন সমূহৰ সকলো অভিযোগ সন্দৰ্ভত আন্তৰিকতাৰে আলোচনা কৰে আৰু মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগত অচিৰেই আলোচনা কৰি অভিযোগসমূহৰ নিষ্পত্তি কৰণৰ বাবে ব‍্যৱস্থা গ্ৰহন কৰিব বুলি আশ্বাস প্ৰদান কৰে । 

ইয়াৰ পৰিপ্ৰেক্ষিতত সংগঠন সমূহে অসম বন্ধকে ধৰি সকলো প্ৰতিবাদী কাৰ্যসূচী প্ৰত‍্যাহাৰৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি জানিবলৈ দিয়ে।

পীযুষ হাজৰীকা অনুসূচিত জাতি