/asomiyapratidin/media/media_files/2025/01/10/WN1S5adQQAMyrskI23pb.jpg)
নতুন মথাউৰি নিৰ্মাণ
ডিজিটেল সংবাদ, কামপুৰ : অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে গৌৰৱময় উন্নয়নৰ এটা সপ্তাহ অনুষ্ঠানত কামপুৰত উপস্থিত হয় জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকা । বিগত বানত ৰহা- কামপুৰ সংযোগী পথৰ বগলাজানত লোকনিৰ্মান বিভাগৰ মূল পথটি খহি যোৱাত ১৭ কোটি টকা ব্যয়ৰে কপিলী নৈৰ মথাউৰি নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/media_files/2025/01/10/jHpngcaiOf9iILHjuQ0R.jpg)
লগতে ৪০ কোটি টকা ব্যয়ৰে কামপুৰ কপিলী নৈৰ চাংচকী, গাৰোখুন্দাকে ধৰি কেইবাটাও মথাউৰি নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হাজৰীকাই । মাংগলিক কাৰ্য্যসূচীৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ উন্নয়নক শলাগ লয় মন্ত্ৰীগৰাকীয়ে ।
/asomiyapratidin/media/media_files/2025/01/10/trQf50nK1CaWOqPGpToy.jpg)
আনহাতে বঢ়মপুৰ সমষ্টিৰ কামপুৰৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ৰহা সমষ্টিৰ ৰাইজক বিধায়ক বনোৱাৰ বাবে ধন্যবাদ দি আজীৱন মনত ৰাখিম বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই।