/asomiyapratidin/media/media_files/2025/04/02/4JO4ZYBWPX6l8bCB6JdF.jpg)
ডিজিটেল সংবাদ, দিশপুৰ : বান আৰু ক্ষয়-ক্ষতি সংশ্লিষ্ট সমস্যা সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই বুধবাৰে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত বৰনদীৰ পাৰত হালধাৰ পৰা বানীয়া চুপালৈ নতুন বান্ধ নিৰ্মাণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। কামৰূপ জলসম্পদ বিভাগৰ তত্বাৱধানত এই প্রকল্প কাৰ্যকৰী কৰা হৈছে আৰু ইয়াৰ বাবে মুঠ ৪.৭৫ কোটি টকা ধাৰ্য কৰা হৈছে ।
উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে আঞ্চলিক সংযোগ আৰু পৰিবহণ উন্নয়ন লক্ষ্যৰে একাধিক পথ উন্নয়ন প্রকল্প উদ্বোধন কৰে। এই পথসমূহ ২০২৫-২৬ বৰ্ষৰ বাবে নাবাৰ্ডৰ আৰ আই ডি এফৰ অধীনত এম এম পি পি এন এ আঁচনিত অন্তৰ্ভুক্ত।
ইয়াৰ অধীনত ১.০০ কিঃমিঃ দৈৰ্ঘ্যৰ বাতান কলিতা সুৱাৰী পথ নিৰ্মাণৰ বাবে ৭১.৫০ লাখ টকা ধাৰ্য ধৰা হৈছে। লগতে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে জি ডব্লিউ চি পথ (এছ অ’ পি ডি-জি) আঁচনিৰ অধীনত একাধিক পথ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।
ইয়াৰ ভিতৰত হালধা সহান মালীবাৰী পথ, শ্যাম ৰায় নামঘৰৰ পৰা ডুমুনিচৌকি এল পি স্কুল সংযোগী পথ, কৰৰা বাতান পথ আৰু মালীবাৰী অৰ্জুনতলৰ পৰা হিন্দুমজালি নদীপাৰ সংযোগী পথ অন্তৰ্ভুক্ত। এই সমগ্ৰ পথ উন্নয়ন প্রকল্পসমূহৰ আনুমানিক ব্যয় ৬৪.০৯ লাখ টকা ধাৰ্য কৰা হৈছে। উত্তৰ কামৰূপ অঞ্চলিক পথ বিভাগে তত্বাৱধান কৰা এই পথ উন্নয়নমূলক পদক্ষেপসমূহ অঞ্চলটোৰ জনসাধাৰণৰ বাবে অধিক সুবিধাজনক হৈ উঠিব আৰু আঞ্চলিক উন্নয়ন ত্বরান্বিত কৰিব।
হালধাত অনুষ্ঠিত এক জনসভাত ভাষণ দিয়াৰ সময়ত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম বিভিন্ন ক্ষেত্ৰত দ্ৰুতগতিত উন্নয়নৰ পথত আগুৱাই গৈ আছে। তেওঁ অতীত চৰকাৰসমূহৰ প্ৰশাসনিক নীতিৰ সৈতে বৰ্তমান চৰকাৰৰ তুলনা কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে জনগণক অধিকাৰসমূহৰ পৰা বঞ্চিত কৰি নিয়োগ আৰু অন্যান্য ক্ষেত্ৰত দুৰ্নীতিৰ সৃষ্টি কৰিছিল।
মন্ত্ৰীগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে উল্লেথ কৰি কয় যে সমাজৰ বিভিন্ন স্তৰৰ লোকক বিত্তীয় সহায় প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী মহিলা উদ্যেমিতা অভিযানৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে প্ৰায় ৩০ লাখ মহিলাক ইয়াৰ অধীনত ১০,০০০ টকাকৈ বিত্তীয় সহায় প্ৰদান কৰা হৈছে।
ইয়াৰ উপৰিও, মন্ত্ৰীগৰাকীয়ে নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলৰ বিনামূলীয়া শিক্ষা প্ৰদান, যোগ্য আৰু মেধাৱী যুবক-যুবতীক স্বচ্ছ নিয়োগ প্ৰক্ৰিয়াৰ জৰিয়তে চৰকাৰী চাকৰি প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ সফল প্ৰচেষ্টা, কৃষি ক্ষেত্ৰত চৰকাৰে কৃষকৰ পৰা বৰ্দ্ধিত ন্যূনতম সমৰ্থন মূল্যতে ধান ক্রয়ৰ ব্যৱস্থা, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ লগতে মুখ্যমন্ত্ৰী আত্মনির্ভৰ অসম অভিযানৰ জৰিয়তে যুৱ উদ্যমীসকললৈ সহায় প্ৰদান কৰা বিষয়ে আলোকপাত কৰে।
স্থানীয় ৰাইজৰ বানপানীৰ পৰা ৰক্ষা পাবলৈ গাৰ্ডৱাল নিৰ্মাণৰ দাবীলৈ সঁহাৰি জনাই, মন্ত্ৰী হাজৰিকাই প্ৰায় ৫০০ মিটাৰ দৈৰ্ঘ্যৰ গাৰ্ডৱাল এখন নিৰ্মাণৰ পদক্ষেপ অতি শীঘ্ৰে গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। আজিৰ অনুষ্ঠানতে জৰুৰীকালীন চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি, মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ জনসাধাৰণৰ বাবে এখন এম্বুলেন্স উৎসৰ্গা কৰে।
এই এম্বুলেন্স সেৱা ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাৰ স্থানীয় অঞ্চল উন্নয়ন আঁচনি (এম পি এল এ ডি এছ)ৰ অধীনত আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ উদ্যোগত প্ৰদান কৰা হৈছে। উক্ত অনুষ্ঠানত বিধায়ক দিগন্ত কলিতা, অসম ৰাজ্যিক পৰিবহন নিগমৰ উপ সভাপতি প্ৰণৱ জ্যোতি লহকৰ, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি উপস্থিত থাকে।