/asomiyapratidin/media/media_files/2025/06/16/EospCpxFRJPRD7H2yIBQ.jpg)
তেজপুৰত অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাৰ অধ্যক্ষতাত পৰ্যালোচনা বৈঠক
ডিজিটেল সংবাদ, তেজপুৰ: জলসম্পদ, তথ্য আৰু জনসংযোগ মন্ত্ৰী তথা শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই সোমবাৰে শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আৰু মহিলা উদ্যমিতা অভিযান আঁচনিৰ কাৰ্যকৰীকৰণৰ বিষয়ত এখন পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰে। এই আঁচনিসমূহ সুচাৰুৰূপে কাৰ্যকৰীকৰণ সন্দৰ্ভত এই বৈঠকত বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণকমল তাঁতী, গণেশ কুমাৰ লিম্বু আৰু জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত বিস্তৃতভাৱে আলোচনা কৰা হয়।
বৈঠকত উপস্থিত থকা বিধায়ক, জিলা প্ৰশাসনৰ বিষয়া আৰু এই আঁচনিসমূহ কাৰ্যকৰী কৰিবলৈ গঠন কৰি দিয়া জিলা নিৰীক্ষণ সমিতিৰ সদস্যসকলক উদ্দেশ্যি মন্ত্ৰী হাজৰীকাই সদৰি কৰে যে, "সমাজৰ সৰ্বস্তৰৰ যোগ্য ব্যক্তিয়ে যাতে এই আঁচনিসমূহৰ সুফল লাভ কৰিব পাৰে, যোগ্য হিতাধিকাৰীসকল যাতে বঞ্চিত নহয়, তাৰ প্ৰতি সকলোৱে ৰাখিব লাগিব।" মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে হাতত লোৱা জনকল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা যোগ্য ব্যক্তিসকল যাতে কোনোপধ্যেই বঞ্চিত নহয় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰু সময়মতে আঁচনি কাৰ্যকৰীৰ সকলো কাম শেষ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্তক নিৰ্দেশ দিয়ে ।
জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে পাছত জিলাখনৰ বালিপৰাত উপস্থিত হৈ বিভাগৰ অধীনত জৰাসৰ নৈৰ খহনীয়া প্ৰতিৰোধী আৰু মথাউৰি সবলীকৰণৰ বাবে চলি থকা কাম পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে, নদুৱাৰ সমষ্টিৰ বালিপৰাৰ দীঘলী বালিজান গাঁৱত জৰাসৰ নৈয়ে ব্যাপক খহনীয়া সৃষ্টি কৰাৰ লগতে নৈৰ বাঢ়নী পানী মথাউৰিৰ ওপৰেদি বাগৰাৰ ফলত ইয়াৰ কাষৰীয়া অঞ্চল প্লাৱিত হৈছিল। এই অঞ্চলত খহনীয়া আৰু বান সমস্যা সমাধানৰ বাবে জলসম্পদ বিভাগে তৎপৰতাৰে কাম কৰি আছে ।
ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে বিধায়কদ্বয় পদ্ম হাজৰিকা আৰু কৃষ্ণ কমল তাঁতীৰ সৈতে স্থানসমূহ পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ পৰা সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় । জলসম্পদ বিভাগে এই স্থানত প্ৰায় ১,২০০ মিটাৰ দৈৰ্ঘ্যৰ অংশত জিঅ' মেগা টিউব স্থাপন কৰি মথাউৰি ওখ আৰু শক্তিশালীকৰণৰ কাম কৰি আছে।
পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক কয় যে জিঅ' মেগা টিউবৰ সহায়ত এই কাম অতি শক্তিশালীভাৱে সম্পাদন কৰা হৈছে আৰু ভৱিষ্যতে এই স্থানত বান আৰু খহনীয়াই সমস্যাৰ সৃষ্টি কৰাৰ শংকা এতিয়া হ্ৰাস পালে ।