Advertisment

নগাঁৱৰ নেহৰুবালিত ১১২ সংখ্যক ভোগালী বিহু উৎসৱত মন্ত্ৰী পীযুষ হাজৰিকা..

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত যোৱা ১৩ জানুৱাৰীৰ নিশাৰে পৰা ১৯ জানুৱাৰী পৰ্যন্ত ছয়দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বিহু কাৰ্যসূচীৰ আজি পুৱা ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,নগাঁওঃ ১১২ বৰ্ষত পদাৰ্পন কৰা সদৌ নগাঁও ভোগালী বিহু উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা । নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত কলঙৰ বাকৰি নেহৰুবালিত যোৱা ১৩ জানুৱাৰীৰ নিশাৰে পৰা ১৯ জানুৱাৰী পৰ্যন্ত ছয়দিনীয়া বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বিহু কাৰ্যসূচীৰ আজি পুৱা ১১ বজাত সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। 

Advertisment

নেহৰুবালিৰ বিহুতলীৰ  পৰা আৰম্ভ হোৱা এই সাংস্কৃতিক শোভাযাত্ৰাত বিধায়ক ৰূপক শৰ্মা, কন্ঠশিল্পী কৃষ্ণমণি নাথ, অভিনেতা দীপজ্যোতি কেঁওট,নয়ণ নিৰ্বান বৰুৱা, শিল্পী শিখাকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয়-ঐতিহ্য ৰক্ষা কৰি উদযাপন কৰা এই নগাঁৱৰ ভোগালী বিহুৱে এক সুকীয়া মাত্ৰা লাভ কৰিছে। 

চলিত বৰ্ষত ন্যায়ালয়ৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে মহৰ যুঁজ অনুষ্ঠিত নহ'ল নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীযুষ হাজৰিকাই কয়- ন্যায়ালয়ৰ নিষেধাজ্ঞাক আমি সন্মান জনাব লাগিব। যাৰ বাবে এই বেলি মহৰ যুঁজ অনুষ্ঠিত কৰা হোৱা নাই। কিন্তু ভোগালী বিহুৰ পাছতে মাহামান্য ন্যায়ালয়ত উক্ত নিষেধাজ্ঞা উঠাই ল'বলৈ আবেদন জনাব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

ভোগালী বিহু