ডিজিটেল সংবাদ, জামুগুৰিহাট : চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানৰ আজি অন্তিম দিন ৷ অন্তিম দিনৰ মূল কাৰ্যসূচী গ্ৰন্থ উন্মোচনী আৰু মুকলি সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে জলসম্পদ, সংসদীয় পৰিক্ৰমা তথা তথ্য জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকা ৷
নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃ ৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰখনক সামৰি মনঃস্তাত্বিক ভাষণৰে উপস্থিত ছাত্ৰ- ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগায়। যুগৰ লগত খাপ খাব পৰা শৈক্ষিক দিশৰ লগত তুলনা কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে মন্ত্ৰী হাজৰীকাই ৷
আনহাতে “বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ সাংস্কৃতিক আন্দোলনৰ ৰূপৰেখা” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ আন্তঃ গাঁঠনিৰ বাবে ২০ লাখ টকাৰ অনুদানো আগবঢ়ায় ৷ উল্লেখ্য যে বিদ্যালয়খনৰ শতবৰ্ষ অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা গ্ৰন্থখন প্ৰকাশৰ সকলো খৰচ বহন কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ চিন্তামণি শৰ্মা, বিধায়ক গণেশ লিম্বু, বিদ্যালয়খনৰ অৱসৰী অধ্যক্ষ জনাৰ্দন ভূঞা, অৱসৰী শিক্ষক সদানন্দ নাথকে ধৰি বহু গন্য মান্য লোক উপস্থিত থাকে৷ অনুষ্ঠানৰ শেষ কাৰ্যসূচীত আছে সাংস্কৃতিক সন্ধিয়া। নিশা সাংস্কৃতিক সন্ধিয়াত গীত পৰিবেশন কৰিব জনপ্ৰিয় শিল্পী দীক্ষু শৰ্মাই ৷