নৱেম্বৰৰ পৰা নিৰ্মাণ কৰা হ'ব ৩৫০ কিল'মিটাৰ নতুন মথাউৰিঃ মন্ত্ৰী পীযুষ হাজৰীকা

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অধীনৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰি খহনীয়া অধ্যুষিত স্থানসমূহৰ বুজ লোৱাৰ লগতে খহনীয়া ৰোধৰ বাবে বিভাগে গ্ৰহণ কৰি থকা কাৰ্যসমূহৰ বুজ লয় ।

author-image
Asomiya Pratidin
New Update
নৱেম্বৰৰ পৰা নিৰ্মাণ কৰা হ'ব ৩৫০ কিল'মিটাৰ নতুন মথাউৰিঃ মন্ত্ৰী পীযুষ হাজৰীকা

নৱেম্বৰৰ পৰা নিৰ্মাণ কৰা হ'ব ৩৫০ কিল'মিটাৰ নতুন মথাউৰিঃ মন্ত্ৰী পীযুষ হাজৰীকা

ডিজিটেল সংবাদ, শদিয়া: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই শুকুৰবাৰে তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অধীনৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ কৰি খহনীয়া অধ্যুষিত স্থানসমূহৰ বুজ লোৱাৰ লগতে খহনীয়া ৰোধৰ বাবে বিভাগে গ্ৰহণ কৰি থকা কাৰ্যসমূহৰ বুজ লয়।

Advertisment
 শদিয়া বিধানসভা সমষ্টিৰ অধীনৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ
শদিয়া বিধানসভা সমষ্টিৰ অধীনৰ কেইবাটাও অঞ্চল পৰিভ্ৰমণ

 

মন্ত্ৰীগৰাকীয়ে প্ৰথমতে শদিয়াৰ উদয়পুৰ দেউৰী গাঁৱত উপস্থিত হৈ বিভাগে বালিজান নৈত ৩.৫ কোটি টকা ব্যয়সাপেক্ষে সম্পূৰ্ণ কৰা খহনীয়া প্ৰতিৰোধী প্ৰকল্পৰ কাম পৰিদৰ্শন কৰে । আনহাতে এই স্থানৰ সামান্য নামনিত বালিজান নৈত চূণপুৰা বজাৰৰ সমীপত হৈ থকা খহনীয়া সমস্যাৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে বান-খহনীয়া সমস্যা সমাধানৰ উদ্দেশ্যে এই স্থানত মথাউৰি নিৰ্মাণৰ বাবে সুবিধাজনক হয়নে নহয়, সেয়া পৰ্যবেক্ষণ কৰিবলৈ পদক্ষেপ গ্ৰহণৰ বাবে বিভাগৰ মুখ্য অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে। সকলো দিশ চালি-জাৰি চোৱাৰ অন্তত সম্ভৱ হ'লে এই স্থানত মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

নোৱা-দিহিং নৈয়ে সৃষ্টি কৰা খহনীয়া সমস্যাৰ বুজ লয়
নোৱা-দিহিং নৈয়ে সৃষ্টি কৰা খহনীয়া সমস্যাৰ বুজ লয়

 

পাছত মন্ত্ৰীগৰাকীয়ে বিধানসভা সমষ্টিটোৰ চুমনি অঞ্চলত নোৱা-দিহিং নৈয়ে সৃষ্টি কৰা খহনীয়া সমস্যাৰ বুজ লয়। এই স্থানত পাৰ্কুপাইন, জিঅ' মেগা বেগ আদিৰ সহায়ত খহনীয়া প্ৰতিৰোধৰ বাবে তাৎক্ষণিকভাৱে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক তেওঁ নিৰ্দেশ দিয়ে। ইয়াৰ মাজতে জলসম্পদ মন্ত্ৰীগৰাকীয়ে ন-শদিয়া অঞ্চলৰ ভবলাগাঁও আৰু বছাগাঁৱত উপস্থিত হৈ লোহিত নৈৰ পাৰত থকা ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো পৰিদৰ্শন কৰে। অঞ্চলটোৰ স্থানীয় ৰাইজৰ পৰা বানপ্ৰৱণ এলেকাটোৰ বুজ লৈ এই ৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো ওখ আৰু শক্তিশালীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণৰ উপৰি ইয়াত প্ৰয়োজন অনুসৰি আৰু ২ কিলোমিটাৰ মথাউৰি সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।

মথাউৰি সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ
মথাউৰি সম্প্ৰসাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ

 

এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে উপস্থিত সাংবাদিকসকলক উদ্দেশ্যি সদৰি কৰে যে, "অহা নৱেম্বৰ মাহৰ পৰা ৰাজ্যখনত নতুনকৈ প্ৰায় ৩৫০ কিল'মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণ ক'ৰা হ'ব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পাঁচ বছৰীয়া কাৰ্যকালত ৰাজ্যখনত প্ৰায় ১০০০ কিল'মিটাৰ দৈঘ্যৰ মথাউৰি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসমত ১৯৬০ চনমানৰ পৰা মথাউৰি নিৰ্মাণ আৰম্ভ হৈ পৰৱৰ্তী প্ৰায় ৫০-৫৫ বছৰত ৪০০০ (চাৰি) কিল'মিটাৰ মথাউৰি নিৰ্মিত হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মাথো পাঁচ বছৰতে ১০০০ কিল'মিটাৰ মথাউৰি নিৰ্মাণ কৰাটোয়ে চৰকাৰখনৰ বান নিয়ন্ত্ৰণৰ প্ৰতি থকা আন্তৰিক সদিচ্ছাক প্ৰতিনিধিত্ব কৰা" বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

শদিয়া মন্ত্ৰী পীযুষ হাজৰীকা পীযুষ হাজৰীকা