গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ
গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ডিজিটেল সংবাদ দিছপুৰঃ অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ আকস্মিকভাৱে পৰিদৰ্শন কৰি কেন্দ্ৰকেইটাৰ সামগ্ৰিক ব্যৱস্থাৱলীৰ বুজ লয়। বিগত বৰ্ষত মন্ত্ৰী হাজৰীকাই সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰীত্ব গ্ৰহণ কৰিয়েই গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি একাংশ নিচামুক্তি কেন্দ্ৰৰ অনুন্নত আৰু পুতৌজনক অৱস্থা মন কৰিছিল।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে বিভাগীয় বিষয়াসকলৰ উপস্থিতিত এখন বৈঠকত মিলিত হৈ নিচামুক্তি কেন্দ্ৰসমূহ উন্নত কৰাৰ বাবে নীতি নিৰ্দ্ধাৰণ কৰি দিছিল। বিশেষকৈ কেন্দ্ৰসমূহত থকা আৱাসীসকলে যাতে ভাল পৰিৱেশ এটাত স্বাস্থ্যসন্মতভাৱে নিচামুক্তিৰ দিশত আগবাঢ়িব পাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল।

নিচামুক্তি কেন্দ্ৰসমূহক তিনি মাহৰ ভিতৰত প্ৰয়োজনীয় নীতি মানি চলি নিচামুক্তি কেন্দ্ৰসমূহ উন্নত কৰাৰ বাবে সময় বান্ধি দিয়া হৈছিল। এই সময়সীমা উকলি যোৱাৰ পাছত আজি মন্ত্ৰী হাজৰীকাই গুৱাহাটীৰ তিনিটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে।

মন্ত্ৰী হাজৰীকাই ক্ৰমে পীচ ফাউণ্ডেচন, কৃপা ফাউণ্ডেচন আৰু ৰিকভাৰী ৱেলনেচ চ’চাইটী নামৰ তিনিটা নিচামুক্তি কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰসমূহত থকা আৱাসীসকলৰ সৈতে আলাপ কৰি তেঁওলোকৰ সুবিধা-অসুবিধাসমূহ জানিবলৈ প্ৰয়াস কৰে।

নিচাৰ পৰা মুক্তি লাভ কৰাৰ উপায় বিচাৰি এনেদৰে নিচামুক্তি কেন্দ্ৰত চিকিৎসাধীন হৈ থকা আৰু কাউঞ্চেলিং লাভ কৰি থকা এই আৱাসীসকলক সমাজৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে যাৱতীয় কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে পাছত সাংবাদিকৰ আগত মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে, তুলনামূলকভাৱে আগতকৈ নিচামুক্তি কেন্দ্ৰসমূহৰ অৱস্থা উন্নত হোৱা পৰিলক্ষিত হৈছে।

এই ক্ষেত্ৰত আৰু ভাল কৰিবৰ বাবে আৰু ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে স্বত্বাধিকাৰীসকলক কোৱা হৈছে। নিচামুক্তি কেন্দ্ৰসমূহত থকা ব্যক্তিসকল আমাৰ সমাজৰে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এইসকলক মূল সুঁতিলৈ আনিবলৈ আমি তেঁওলোকক উপযুক্ত স্বাস্থ্য আদিৰ ব্যৱস্থা কৰিব লাগিব।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগে এই ক্ষেত্ৰত সজাগ দৃষ্টি ৰাখি প্ৰয়োজনীয় কাম কৰি আছে বুলিও মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। আনহাতে পৰৱৰ্তী সময়ত নিয়মিত ৰূপত গুৱাহাটী আৰু অন্যান্য অঞ্চলত নিচামুক্তি কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি কেন্দ্ৰসমূহৰ অৱস্থা উন্নত কৰাটো সুনিশ্চিত কৰা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীৰ আজিৰ এই পৰিদৰ্শন কালত ৰাজ্যিক ড্ৰাগচ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ উপাধ্যক্ষ জিতু বৰগোঁহাই আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াই সংগ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in