/asomiyapratidin/media/media_files/2025/04/27/i2zmGiVMDqjYrju4tU0V.jpg)
ডিজিটেল সংবাদ, চামগুৰি : অখিল গগৈয়ে ইমান সোনকালে কাৰোবাক মাফ খোজা বা ক্ষমা খোজাটো মই দেখা নাছিলো। অখিল গগৈয়ে নিশ্চিতভাৱে বিজেপিৰ ব্যক্তিসকলক 'কাফেৰ’ বুলি কৈছিল। বিজেপিৰ ব্যক্তিসকল আমাৰ কাৰণে আপোন। কিন্তু তথাপিতো কৈছো অখিল গগৈয়ে ইমান সোনকালে ক্ষমা খোজাৰ ৰেকৰ্ড আগতে নাছিল।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ।
যিসকল মুছলমান লোকে বিজেপিক ভোট দিয়ে তেওঁলোক 'কাফেৰ’ বুলি বিতৰ্কিত মন্তব্য কৰি মাজনিশা ক্ষমা খোজা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। উল্লেখ্য যে অখিল গগৈয়ে পৱিত্ৰ শক্তিপীঠ কামাখ্যা ধাম সম্পৰ্কেও আপত্তিজনক মন্তব্য কৰিছিল।
/asomiyapratidin/media/media_files/2025/04/27/8Zf83gzlXYWY34Y6bcoF.jpg)
এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে অখিল গগৈয়ে আনকি এনেকৈও কৈছিল যে কামাখ্যা মন্দিৰলৈ কিয় যাব লাগে ? আমিতো কামাখ্যা মন্দিৰ নাযাওঁ। তেতিয়াতো অখিল গগৈক আমি ক্ষমা খোজা দেখা নাছিলো। অৰ্থাৎ হিন্দু ধৰ্মৰ মানুহক যদি তেওঁ কেতিয়াবা ক’ৰবাত বেয়া ব্যৱহাৰো কৰিছে বা বেয়াকৈও কৈছে তেওঁ তাৎক্ষণিকভাৱে বা কেতিয়াও ক্ষমা খোজা আমি দেখা নাই। কিন্তু বিজেপিৰ মুছলমান কাৰ্যকৰ্তাসকলক গালি পাৰি দুঘণ্টা-তিনি ঘণ্টাৰ ভিতৰতে ক্ষমা খোজাৰ কাৰণ কি তেওঁহে জানিব ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য কি?
তেওঁ নিশা ১.১৫ বজাত ফেচবুক লাইভ কৰিছে। কোনে তেওঁক ইমান প্ৰেচাৰ দিলে বা ইমান তেওঁৰ কি গাত লাগিলে যে তেওঁ দোভাগৰাতি নোশোৱাকৈ থাকি ফেচবুক লাইভ কৰিব লগা হ’ল ? আজি ৰাতিপুৱাও কৰিব পাৰিলেহেঁতেন। তেওঁক চাগে তেওঁৰ সতীৰ্থসকলে ক’লে যে এইটোৰ পৰা তেওঁ মুছলমান ভোট এটাও নাপাব, তেওঁৰ যিহেতু মতলব অকল মুছলমান ভোটেই। আমি সকলোৰে ভোট বিচাৰো, সকলোৱে জানে। মুখ্যমন্ত্ৰীয়ে এতিয়া সকলোৰে ভোট বিচাৰে, আমি সকলোৰে ভোট বিচাৰো, আমিতো অস্বীকাৰ নকৰো।
লগতে তেওঁ কয়- পৰহি মই ধিং-ৰূপহীত সভা অনুষ্ঠিত কৰিছো, আজিও মই চামগুৰি সমষ্টিত সভাত অংশগ্ৰহণ কৰিম। আমি সকলোৰে ভোট বিচাৰো। আমি কাকো বেয়া ব্যৱহাৰ নকৰো। আমি কওঁ যে সকলো ৰাষ্ট্ৰবাদী হওক, সকলো ভাৰতীয় হওক।
/asomiyapratidin/media/media_files/2025/04/27/DNAeK4XsmE4VNiLJhi8C.jpg)
অসমত থাকি যদি পাকিস্তানক সমৰ্থন কৰে কোনোবাই আমি বেয়া পাওঁ, এইটো আমি মুকলিকৈয়ে কওঁ। কিন্তু এনেকৈ আমি কোনো ধৰ্মক অসন্মান নকৰো। অখিল গগৈয়ে কামাখ্যা মন্দিৰলৈ নাযাওঁ বুলি হিন্দু ধৰ্মীয় অনুভূতিত আঘাত কৰে আৰু মুছলমান মানুহে কিবা এটা ক’লে বেয়া পালে বুলিয়েই ৰাতি এটা বজাত ফেচবুক লাইভ লাহে। গতিকে তেওঁ কাৰ প্ৰতি আনুগত্য, তেওঁৰ কাৰ প্ৰতি সন্মান আছে, সেই কথা সকলোৱে জানে।
ইপিনে, মন্ত্ৰীগৰাকীয়ে আজি বিয়লি নগাঁৱৰ চামগুৰিত বিজেপি মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰি ভাষণ দাঙি ধৰে। ভাষণৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন বাধা-বিঘিনি নেওচি উপ-নিৰ্বাচনত এটা পৰিয়ালৰ গুণ্ডামি নাইকিয়া কৰি, অহংকাৰ চূৰ্ণ কৰি বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মাক ভোট দি জয়যুক্ত কৰাৰ বাবে চামগুৰিবাসীক ধন্যবাদ জ্ঞাপন কৰে।
আনহাতে দিপ্লুৰঞ্জন শৰ্মা জয়ী হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চামগুৰিবাসীক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰাৰ উদ্দেশ্যে চামগুৰিলৈ আহি কিদৰে সভা অনুষ্ঠিত কৰিছিল সেই বিষয়েও মন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে। চামগুৰিত পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছ দলে বিজেপিক প্ৰতিৰোধ কৰিব নোৱাৰে বুলি তেওঁ ভাষণত উল্লেখ কৰে।
তেওঁ লগতে কয় যে, টকা লৈ টিকট দিয়া কংগ্ৰেছে এজিপি-বিজেপি দলক প্ৰতিৰোধ কৰিব নোৱাৰে। সংখ্যালঘু বসতিপ্ৰধান অঞ্চলক কংগ্ৰেছে টকা ঘটা মেচিন বুলি ভাবে। টকা ঘটাৰ মেচিন বুলি ভাবি কংগ্ৰেছে সংখ্যালঘু অঞ্চলত পঞ্চায়তৰ টিকট দিয়াৰ বাবদ ২০ লাখ, ৩০ লাখ টকা লোৱাৰ বিভিন্ন ঠাইত অভিযোগ উঠিছে।
/asomiyapratidin/media/media_files/2025/04/27/F0kV53ts22JPkTMmVxLA.jpg)
আনকি ভূপেন বৰাইও ১৮ টা অভিযোগ তেওঁলোকলৈ অহা বুলি স্বীকাৰ কৰিছে। যাৰ ফলত কংগ্ৰেছে এখন কমিটী বনাই দিছে। কিন্তু বিজেপিত টকা লৈ টিকট দিয়াৰ এটা অভিযোগ ক’ৰবাত ওলাইছে নেকি তেওঁ দেখুৱাই দিবলৈ প্ৰত্যাহ্বান জনায়। তেওঁ কয় যে বিজেপি দলত এনে কাম নহয়।
বিজেপি দলত আমি টিকট দিয়াৰ দিনাখনেই দুৰ্নীতিৰ লাইচেন্স নিদিওঁ। ক’ৰবাত যদি চামগুৰিত, ক’ৰবাত যদি ধিং, ৰূপহীত জিকিমেই বুলি কোনোবা এজন প্ৰাৰ্থীয়ে ৩০ লাখ টকা দি টিকট কিনি ল’ব লগা হয়, সেই প্ৰাৰ্থীজনে জিকাৰ দিনাখনৰ পৰাই চিন্তা কৰিব যে এবছৰত মই ৬০ লাখ টকা ইনকাম কৰিব লাগিব। গতিকে কংগ্ৰেছ দলৰ পৰা যদি কোনোবা জিকে তেওঁলোকে ৰাইজক বিক্ৰী কৰিব, কাৰণ তেওঁলোকে ইতিমধ্যে টকা দি টিকট কিনি লৈছে। তেওঁলোকে ৰাইজৰ কাম নকৰিব। ৰাইজৰ কাম নহ’ব। গতিকে ৰাইজৰ কাম হ’ব লাগিলে বিজেপি আৰু এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব লাগিব।
ভাষণত মন্ত্ৰীগৰাকীয়ে বিতৰ্কিত মন্তব্য কৰি ক্ষমা খোজা অখিল গগৈক তীব্ৰ সমালোচনা কৰে। অখিল গগৈয়ে বিজেপিক ভোট দিয়া সকলো মুছলমানক 'কাফেৰ’ বুলি কৈছিল। অখিল গগৈয়ে কিয় তেনেকৈ কৈছিল তাৰ ব্যাখ্যাও দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অখিল গগৈৰ মতলবটো হ’ল ভোট। তেওঁৰ মতলব মুছলমান ৰাইজ নহয়।
/asomiyapratidin/media/media_files/2025/04/27/xdMTM8erllLdd2Qtvb3L.jpg)
মুছলমান মুছলমান বুলি ডাঙৰ ডাঙৰ কথা কোৱা অখিল গগৈৰ সকলো কথা মিছা। ভোট দিয়া মানুহক অখিলে ভাল বুলি কয় আৰু ভোট নিদিয়া মানুহক 'কাফেৰ’ বুলি কয়। জনসভাত উপস্থিত থকা ৰাইজক উদ্দেশ্যি তেওঁ কয় যে অখিল গগৈয়ে কোৱাৰ দৰে আপোনালোক 'কাফেৰ’ নহয়, আপোনালোক ভাৰতীয় নাগৰিক। আপোনালোকক আমি সন্মান কৰো আৰু আগলৈও কৰি যাম।
মন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে কাশ্মীৰৰ পেহেলগামত সংঘটিত বৰ্বৰ ঘটনা প্ৰসংগত কয় যে আপোনালোক কোনেও সেই ঘটনাক সমৰ্থন নকৰে। কোনেও এই বৰ্বৰ ঘটনাক সমৰ্থন কৰিব নোৱাৰে। কিন্তু এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে এই ঘটনাক ভাৰত চৰকাৰৰ ষড়যন্ত্ৰ বুলি কৈ পাকিস্তানক সমৰ্থন কৰিছিল। মন্ত্ৰীগৰাকীয়ে পেহেলগামৰ ঘটনাক সমৰ্থন কৰে নেকি বুলি প্ৰশ্ন কৰাত সভাত উপস্থিত থকা প্ৰত্যেকই সমৰ্থন নকৰো বুলি কোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই কয় যে আপোনালোক হৈছে ৰাষ্ট্ৰবাদী নাগৰিক, ৰাষ্ট্ৰবাদী মুছলমান আপোনালোকক মই ধন্যবাদ দিম, আপোনালোকক মই সন্মান জনাম।
ইফালে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে চামগুৰিত কংগ্ৰেছে কিয় পাছ নকৰিলে তাৰো বাখ্যা দাঙি ধৰে। তেওঁ কয় যে এটা পৰিয়ালৰ গুণ্ডামি, ৰাজত্ব আৰু এটা পৰিয়ালে টিকট দিয়া মানুহবিলাকক কোনেও আৰু সহ্য নকৰে। গতিকে এটা পৰিয়ালৰ পাণ্ডা, দালালক বাই বাই দিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।
/asomiyapratidin/media/media_files/2025/04/27/ZoQ5I1gAnchmaX4sBA1Z.jpg)
মন্ত্ৰীগৰাকীয়ে ভাষণত বিজেপি চৰকাৰে ক’তো এটাও দুৰ্নীতি নোহোৱাকৈ নিবনুৱাক চৰকাৰী চাকৰি, অৰুণোদয় আঁচনি, নিযুত মইনা আঁচনি আদিৰ বিষয়ে ব্যাখ্যা দাঙি ধৰি চামগুৰি অঞ্চলৰ ৰাইজক প্ৰতিখন আঁচনিৰ সুবিধা প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি বাল্যবিবাহক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এইখন অসমত আমি কেতিয়াও বাল্যবিবাহ হ’বলৈ দিব নিবিচাৰো।
ইয়াৰ কাৰণে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কঠোৰ সিদ্ধান্ত লয় তেতিয়া কংগ্ৰেছে গালি পাৰে আমি হেনো সংখ্যালঘু বিৰোধী। কংগ্ৰেছে নিৰ্বাচন আহিলে মিছা মিছা কথা কয় আৰু মুছলমান ৰাইজক ভয় খুৱাই, ব্লেকমেইল কৰি আমাৰ পৰা আঁতৰাই ৰাখে।
মন্ত্ৰীগৰাকীয়ে অসমত কেতিয়াও আৰু কংগ্ৰেছৰ চৰকাৰ নাহে বুলি উল্লেখ কৰে। তেওঁ বিগত লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে লাভ কৰা আসনৰ সংখ্যাৰ তথ্য দাঙি ধৰি কংগ্ৰেছ দল যে আৰু চৰকাৰলৈ আহিব নোৱাৰে সেই বিষয়ে উল্লেখ কৰে। কংগ্ৰেছ যিহেতু নিজিকে সেয়ে তেওঁ সকলোকে বিজেপি মিত্ৰজোঁটৰ লগত থাকিবলৈ আহ্বান জনাই কয় যে আপোনালোক আমাৰ লগত থাকক, আমি আপোনালোকক আৰু সন্মান কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছো।
/asomiyapratidin/media/media_files/2025/04/27/onr9SSZSZOPnerxHanRi.jpg)
কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই 'বিজয় সংকল্প সমাৱেশ'ত মন্ত্ৰীগৰাকীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনতো বিজেপি মিত্ৰজোঁটৰ প্ৰতি পূৰ্ণ সমর্থন জনাই প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়। আজিৰ সভাত বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা, জিতু গোস্বামী, পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীসকল, বহুকেইগৰাকী দলীয় জ্যেষ্ঠ কাৰ্যকৰ্তা, শুভাকাংক্ষী উপস্থিত থাকে।
উল্লেখ্য যে ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেৰণাদায়ী অনাতাঁৰ অনুষ্ঠান 'মন কি বাত'ৰ পোনপটীয়া সম্প্ৰচাৰ দিচাংপাৰ পঞ্চায়তত নাওজান বৰনামঘৰ ৰংগমঞ্চত ভাৰতীয় জনতা পাৰ্টিৰ ১৬৬ আৰু ১৬৭নং বুথৰ সদস্যসকলৰ সৈতে উপভোগ কৰে। 'মন কি বাত' অনুষ্ঠানৰ পাছতে ৰাইজক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে এখন সভা সম্বোধন কৰে।
/asomiyapratidin/media/media_files/2025/04/27/CMcN76TELG208cc38y4X.jpg)
সভাখনত নতুনকৈ গঠন হোৱা ডিমৌ সমষ্টিৰ ৰাইজৰ সৈতেমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি আছে বুলি উল্লেখ কৰি এই সমষ্টিটোত বান সমস্যা সমাধানৰ বাবে বিগত বৰ্ষসমূহত প্ৰায় ১৫০ কোটি টকাৰ পুঁজি আগবঢ়োৱা হৈছে তেওঁ জানিবলৈ দিয়ে।
/asomiyapratidin/media/media_files/2025/04/27/rsCZBXpbvL9yvYp9kYiu.jpg)
বান সমস্যা সমাধানৰ বাবে এই বছৰতেই এখন শ্লুইচ গেটৰ কাম হাতত লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সভাত উল্লেখ কৰে। এই কাৰ্যসূচীত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক সুশান্ত বৰগোহাঁই, আগন্তুক পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ সমষ্টিৰ বাবে স্থানীয় প্ৰাৰ্থী ঘন গগৈ, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী শেৱালী হাজৰিকাসহ বিজেপি আৰু অগপ দলৰ কাৰ্যকৰ্তা, বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us