মই 'এক দেশ, এক নিৰ্বাচন’ৰ সম্পূৰ্ণ সমৰ্থনত আছোঃ মন্ত্ৰী পীযুষ হাজৰিকা

দলৰ সাংগঠনিক কামত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত আজি হাইলাকান্দিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে। ৱান নেশ্যনৱান ইলেকচন সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ এক দেশ এক নিৰ্বাচনক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই । তেওঁ মন্তব্য কৰি কয় যে, মই ৱান নেশ্যন ৱান ইলেকচনৰ সম্পূৰ্ণ সমৰ্থনত আছো। বেলেগে বেলেগ নিৰ্বাচন পতাটো দেশখনৰ কাৰণে ভাল নহয়। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি এক দেশএক নিৰ্বাচনপ্ৰক্ৰিয়া আনিছেতাক মই হৃদয়ৰ পৰা সমৰ্থন জনাইছো। ''

Advertisment

দলৰ সাংগঠনিক কামত বৰাক উপত্যকা ভ্ৰমণৰ সময়ত আজি হাইলাকান্দিত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই মন্তব্য কৰে। ৱান নেশ্যনৱান ইলেকচন সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে।

তেওঁ কয় যে আমাৰ দেশত নিৰ্বাচনটো বেলেগে বেলেগে হয়। প্ৰত্যেক বছৰে ৪খন-৫খন ৰাজ্যৰ নিৰ্বাচন হয়। ইয়াৰ বাবে উন্নয়নমূলক কাম-কাজ ৪-৫ মাহৰ কাৰণে বন্ধ হৈ যায়। সেয়ে বেলেগে বেলেগ নিৰ্বাচন পতাটো দেশখনৰ কাৰণে ভাল নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৱান নেশ্যন ৱান ইলেকচনৰ যি প্ৰক্ৰিয়া আনিছে, তাক হৃদয়ৰ পৰা সমৰ্থন জনোৱা বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰীগৰাকীয়ে তেওঁ বৰাক উপত্যকা ভ্ৰমণৰ কাৰ্যক্ৰমণিকাৰ বিষয়েও সংবাদ মাধ্যমক অৱগত কৰে। দলৰ সংগঠন পৰ্ব আৰু সদস্যভৰ্তি অভিযান সম্পৰ্কেও মন্তব্য কৰে তেওঁ ।

উল্লেখ্য যে বৰাক উপত্যকাৰ তিনিখন জিলাৰ সংগঠন পৰ্বৰ দায়িত্ব ন্যস্ত কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাক। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীগৰাকীক এই দায়িত্ব দিয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ হাইলাকান্দিত উপস্থিত হৈ মন্ত্ৰী কৌশিক ৰায়ৰ সৈতে বিজেপিৰ মণ্ডলসমূহৰ কাৰ্যকৰ্তাসকলৰ লগত সংগঠন পৰ্বত মিলিত হয়।

বৈঠকত জিলাখনৰ লগতে জিলাৰ অন্তৰ্গত বিজেপিৰ মণ্ডলসমূহৰ সাংগঠনিক ভেটি শক্তিশালীকৰণ সন্দর্ভত দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে।

 

 

পীযুষ হাজৰিকা হাইলাকান্দি