Advertisment

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগে অসমৰ উদ্যোগৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সূচনা কৰিছে : মন্ত্ৰী পীযুষ হাজৰীকা

জাগীৰোডত টাটা কোম্পানীয়ে যিটো ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাম আৰম্ভ কৰিছে, সেয়া অকল জাগীৰোডবাসীৰ বাবেই নহয়, অসমৰ কাৰণে এটা ডাঙৰ কথা।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ...

author-image
Asomiya Pratidin
New Update
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ডিজিটেল ডেস্ক : জাগীৰোডত টাটা কোম্পানীয়ে যিটো ছেমি কণ্ডাক্টৰ উদ্যোগৰ কাম আৰম্ভ কৰিছে, সেয়া অকল জাগীৰোডবাসীৰ বাবেই নহয়, অসমৰ কাৰণে এটা ডাঙৰ কথা।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। 

Advertisment
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

 

বৃহস্পতিবাৰে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহৰহ প্ৰচেষ্টা চলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখ্য পৃষ্ঠপোষকতাত এই উদ্যোগটো ইয়ালৈ আনিছে। 

লগতে কয়- মুখ্যমন্ত্ৰীৰ টাটা কোম্পানীৰে থকা বিশেষ সম্পৰ্কৰ কাৰণে আজি এইখিনিলৈকে আগুৱাই আহিছে। এই উদ্যোগটো ইয়ালৈকে আহি অসমৰ উদ্যোগৰ ক্ষেত্ৰত এক নৱজাগৰণৰ সূচনা কৰিছে। এয়া মাত্ৰ আৰম্ভণিহে আৰু বহু উদ্যোগ আহিব অসমলৈ। নিবনুৱাৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা। মুকলি হ'ব সংস্থাপনৰ বাট। 

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

 

মন্ত্ৰীগৰাকীয়ে এই বৃহৎ উদ্যোগটোত ১৫ হাজাৰ নিৱনুৱাই প্ৰত্যক্ষভাৱে নিযুক্তি লাভ কৰিব আৰু ১৪ হাজাৰে পৰোক্ষভাৱে নিযুক্তি লাভ কৰিব বুলি কয়। তেওঁ আৰু কয় যে এই উদ্যোগত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকল থাকিবৰ বাবে বৃহৎ আৱাসৰ প্ৰয়োজন হ’ব। কৰ্মচাৰীসকল যেতিয়া ইয়াত থাকিবলৈ ল’ব, তেতিয়া ইয়াত হোটেল লাগিব, ৰেষ্টুৰেণ্ট লাগিব, গেলামালৰ দোকান লাগিব, কাপোৰৰ দোকান লাগিব অৰ্থাৎ ইয়াৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ’ব। 

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

 

এতিয়ালৈকে ১৩০০ বা ১৪০০ কৰ্মচাৰীয়ে ইয়াত কাম কৰি আছে, ইয়াৰে প্ৰায় ৯০০ ল’ৰা-ছোৱালী অসমৰ বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 'ব্ৰেইন ড্ৰেইন’ৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে আজি আমি ওভতনি যাত্ৰাটোক এটা নকৰাস্মক চিন্তাধাৰা বুলি কওঁ, ঋণাত্মক অৰ্থত কওঁ ওভতনি যাত্ৰা। আজি মই কওঁ যে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগলৈ আমেৰিকাৰ পৰা এগৰাকী যুৱতীয়ে ওভতনি যাত্ৰা কৰিছে। কোনোবা উভতি আহিছে মুম্বাইৰ পৰা, কোনোবা চেন্নাইৰ পৰা। এই ওভতনি যাত্ৰাক মই পজেটিভ চেনছত কওঁ। 

জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

 

এনেকুৱা ওভতনি যাত্ৰা আৰু হওক, অসমীয়া হিচাপে মই কামনা কৰো। এনেকুৱা উদ্যোগ আৰু হওক অসমীয়া হিচাপে মই কামনা কৰো আৰু এটাই আশা ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে আৰু প্ৰাণ পাই উঠিব, অসমত উদ্যোগৰ নৱজাগৰণ হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

pijush hazarika assam govt jagiroad