/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/77bbfe33-6814-41ca-965d-56a2dbc62989/pijush_10.jpg)
pijush hazarika
ডিজিটেল সংবাদ জাগীৰোডঃ জলসম্পদ মন্ত্ৰী তথা জাগীৰোড বিধানসভা সমষ্টিৰ বিধায়ক পীযুষ হাজৰীকাই সমষ্টিটোৰ অন্তৰ্গত মায়াঙৰ ১নং মূৰকটা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে কৰি অহা খহনীয়া আজি পুনৰবাৰ পৰিদৰ্শন কৰি ৰাইজৰ সা-সম্পত্তিৰ ক্ষয় -ক্ষতিৰ বুজ লয় । এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে খহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজক ৰাজ্য চৰকাৰৰ তৰফৰপৰা সকলো ধৰণৰ সহায় - সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।
সম্প্ৰতি এই অঞ্চলটোৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনে অস্থায়ীভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে । নদীৰ পানী কমাৰ লগে লগেই এই স্থানত খহনীয়া ৰোধৰ স্থায়ী কাম হাতত লোৱা হ'ব বুলি আজি মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত মন্তব্য কৰে ।
বিগত দেওবাৰেও মন্ত্ৰীগৰাকীয়ে অঞ্চলটো পৰিদৰ্শন কৰিছিল আৰু সোমবাৰে দিছপুৰত বিভাগীয় উচ্চপদস্থ বিষয়াৰে অঞ্চলটোৰ খহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ল'বলগা ব্যৱস্থাৰ বিষয়ে বৈঠক অনুস্থিত কৰিছিল ।