প্ৰধানমন্ত্ৰীৰ মোডীৰ জন্মদিন উপলক্ষে মন্ত্ৰী পীযুষ হাজৰিকাৰ অমৃত সৰোবৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি...

প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব ১ লাখতকৈ অধিক ঘৰ...

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰীৰ মোডীৰ জন্মদিন উপলক্ষে মন্ত্ৰী পীযুষ হাজৰিকাৰ অমৃত সৰোবৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি...

pijush hazarika

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই সমগ্ৰ অসমতে আজি স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যেই অসমত আহি উন্মোচন কৰি যোৱা অমৃত সৰোবৰ নিৰ্মাণ কাৰ্যৰ আৰম্ভণি কৰা হয় ।

অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ মুখপাত্ৰ পীযুষ হাজৰীকাই আজি মৰিগাঁও জিলাত অমৃত সৰোবৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে।মন্ত্ৰী হাজৰীকাই নেলী, বাঘজাপ আৰু জাগীভকত গাঁও পঞ্চায়তৰ অধীনৰ কুমাৰবৰী, পূৱ আৰু পশ্চিম খাৰবিল আৰু ডিমৰুগুৰিত অমৃত সৰোবৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে।

মৰিগাঁও জিলাত ৭০ টাতকৈও অধিক আৰু জাগীৰোদ সমষ্টিত ৪৭ টা অমৃত সৰোবৰ নিৰ্মাণ কাৰ্য আজি আৰম্ভ কৰা হয় । প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি অমৃত সৰোবৰ নিৰ্মাণে জল সংৰক্ষণ কৰাৰ লগতে অসমত বান নিয়ন্ত্ৰণত সহায়ক আৰু মৎস উৎপাদনেৰে নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই।

আনহাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যখনত নতুনকৈ এক লাখতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হ'ব।মন্ত্ৰী পীযুষ হাজৰীকাই আজি জাগীৰোদ সমষ্টিৰ কেইবাস্থানতো কেইবাটাও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে।

pijush hazarika narendra modi