/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/73f3f6ec-2374-4066-b570-84bb0b6ee410/PIJUSH_1.jpg)
PIJUSH HAZARIKA
ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ সচিবালয়ক কাগজবিহীন কাৰ্যালয়লৈ পৰিণত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে বিভিন্ন বিভাগসমূহত আৰম্ভ হৈছে ই-ফাইল প্ৰচেছিঙৰ ব্যৱস্থা। অসম সচিবালয়ক সম্পূৰ্ণৰূপে কাগজবিহীন কৰি ই-অফিচ হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বহা কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সেই সিদ্ধান্ত অনুসৰিয়েই আজি ষষ্ঠীৰ দিনাই জল সম্পদ, তথ্য আৰু জন সংযোগ, সংসদীয় পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই নিজ কাৰ্যালয়ত প্ৰথমবাৰৰ বাবে ই-ফাইল প্ৰচেছিঙৰ শুভাৰম্ভ কৰে। তেওঁ এই ব্যৱস্থাই চৰকাৰী কাৰ্যালয়ৰ কামক এক নতুন গতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us