ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি চলি থকা `বিকাশৰ ১২ দিন’ অনুষ্ঠানৰ অংশ হিচাপে হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ কাছাৰী মৈদানত অনুষ্ঠিত এক অনুষ্ঠানত শনিবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা |
আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে হোজাই জিলাৰ ২৬২৩ গৰাকী মহিলাক অসম ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান উদগনি আৰু সকাহ আঁচনি, ২০২১ ৰ অধীনত দ্বিতীয় পৰ্যায়ত আনুষ্ঠানিকভাৱে ন’ ডিউজ চাৰ্টিফিকেট’ বিতৰণ কৰাৰ লগতে বিগত বাৰিষাত ক্ষতিগ্ৰস্ত ১৩৫ টা পৰিয়াললৈ আৰ্থিক সাহাৰ্য আৰু জিলাখনৰ ২২৪ আত্মসহায়ক গোটৰ মহিলাক প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ (পি এম এফ এম ই) আঁচনিৰ অধীনত প্ৰাৰম্ভিক মূলধন বিতৰণ কৰে |
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি হোজাই জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ সামগ্ৰিক উন্নয়নৰ বাবে আন্তৰিকতাৰে কাম কৰি আছে | অৰুণোদয় আঁচনি ৰাজ্যখনৰ এখন অন্যতম সফল আঁচনি বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে এই আঁচনিৰ আদৰ্শত দেশৰ বহুকেইখন ৰাজ্যত চৰকাৰসমূহে এতিয়া মহিলাসকলৰ বাবে বিশেষ আঁচনি আৰম্ভ কৰিছে |
আনহাতে মাইক্ৰ’ফাইনেন্সৰ অত্যধিক সুতৰ কবলত পৰি সমস্যাৰ সন্মুখীন হৈ অহা ৰাজ্যখনৰ প্ৰায় ১৩ লাখ মহিলাক ৰাজ্য চৰকাৰে সম্পূৰ্ণ সকাহ দিবলৈ সক্ষম হৈছে | ছাত্ৰ-ছাত্ৰীৰ বাবে স্কুটি প্ৰদান, চাইকেল প্ৰদান, নিযুত মইনা আদি আঁচনিৰে শিক্ষাৰ্থীসকলকো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে |
সম্পূৰ্ণ মেধাৰ ভিত্তিত চৰকাৰী চাকৰিত নিযুক্তিৰ ব্যৱস্থা কৰি চৰকাৰখন যুৱ প্ৰজন্মৰ বাবে সাহস হৈ পৰা বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই কয় যে ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰাৰ সমান্তৰালভাৱে চৰকাৰখনৰ উদ্যোগত প্ৰায় ১ লাখ যুৱ উদ্যোমীক ২ লাখ টকা পৰ্যন্ত টকাৰ ৰাজসাহাৰ্যযুক্ত সহায় কৰিবলৈ আৰম্ভ কৰিছে | বানমুক্ত অসমৰ সপোনক বহুখিনি বাস্তৱ কৰাৰ লক্ষ্যৰে কাম কৰি বৰ্তমানৰ চৰকাৰখনে বানপ্ৰৱণ বহু জিলাৰ পৰা বানৰ প্ৰকোপ হ্ৰাস কৰিবলৈও সক্ষম হৈছে বুলি মন্ত্ৰী হাজৰিকাই ভাষণ প্ৰসংগত উল্লেখ কৰে |