/asomiyapratidin/media/media_files/2025/08/01/pijush-1-2025-08-01-20-08-17.jpg)
ডিজিটেল সংবাদ দিছপুৰঃ গুৱাহাটীস্থিত উত্তৰ–পূৱ দক্ষতা বিকাশ কেন্দ্ৰৰ ২৩৩ গৰাকী প্ৰশিক্ষণাৰ্থীৰ মাজত আজি নিযুক্তি প্ৰদান কৰা হয়। অসম চৰকাৰৰ সমাজ কল্যাণ তথা তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকাই এই নিযুক্তি পত্ৰসমূহ প্ৰশিক্ষণাৰ্থীসকলৰ হাতত প্ৰদান কৰে। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু উদ্যোগিতা মন্ত্ৰী প্রশান্ত ফুকনো উপস্থিত থাকে।
এই ২৩৩ গৰাকী প্ৰশিক্ষণাৰ্থীৰ ভিতৰত ১১৪ গৰাকী এছ চি সম্প্ৰদায়ৰ শিক্ষাৰ্থীয়ে সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত তালিকাভুক্ত জাতি আৰু পিছপৰা শ্ৰেণীৰ সঞ্চালনালয়ৰ জৰিয়তে বিনামূলীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। অসমৰ Skill Development Missionৰ অধীনত বিগত বছৰৰ ভিতৰত প্ৰশিক্ষণ লাভ কৰা এইসকল শিক্ষাৰ্থীৰ ভিতৰত ৫৪ গৰাকীয়ে বিদেশী প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে আৰু বাকীসকলে দেশৰ বিভিন্ন প্ৰতিষ্ঠানৰ পৰা চাকৰিৰ প্ৰস্তাৱ লাভ কৰিছে।
মন্ত্ৰী হাজৰীকাই প্ৰশিক্ষণাৰ্থীসকলক অভিনন্দন জনাই কয় যে, “আজিৰ সময়ত দক্ষতাৰ আধাৰত শিক্ষাই আপোনালোকক আগবঢ়াৰ পথ দেখুৱাৱ। বিদেশত কৰ্মসংস্থাপনেও দেশৰ অৰ্থনৈতিক উন্নয়নত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। ভাৰতীয় মূলৰ বহু লোকে আজিও পৃথিৱীৰ বহু ঠাইত সফলতা লাভ কৰিছে। এই দিশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগীয়ে বিশেষ বৰঙণি যোগাইছে।”
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে, ২০২৫–২৬ বৰ্ষত এছ চি তালিকাভুক্ত জাতিৰ ২৪০ গৰাকী শিক্ষাৰ্থীক উদ্দেশ্য কৰি নতুনকৈ দক্ষতা উন্নয়ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে, যাৰ জৰিয়তে অধিক সংখ্যক ছাত্ৰ-ছাত্ৰী কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিব।