প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা...

শোণিতপুৰ আৰু বিশ্বনাথত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকললৈ সাহায্য বিতৰণৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author-image
Asomiya Pratidin
New Update
প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা...

হিতাধিকাৰীক চেক বিতৰণ

ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে উক্ত জিলা দুখনত উপস্থিত হয়। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দুয়োটা অনুষ্ঠানত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত ক্ৰমে শোণিতপুৰ আৰু বিশ্বনাথ জিলাত দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকললৈ সাহায্য বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে।

Advertisment

উল্লেখ্য যে, এই সাহায্য শোণিতপুৰ জিলাৰ সৰ্বমুঠ ৪৭৮৩ গৰাকী আৰু বিশ্বনাথ জিলাৰ ৩০৫৮ গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব আৰু ইয়াৰ বাবদ ৰাজ্য চৰকাৰৰ ক্ৰমে ৭.৬৭ আৰু ৫.০৮ কোটি টকাতকৈ অধিক পূঁজি ব্যয় হ’ব। মন্ত্ৰী পীযুষ হাজৰীকাই আজি দুয়োখন জিলাতে হিতাধিকাৰীক এই সাহায্যৰ প্ৰতীকী চেক্ আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

অনুষ্ঠানত মন্ত্ৰী পিযুষ হাজৰীকা
অনুষ্ঠানত মন্ত্ৰী পিযুষ হাজৰীকা

সেয়েহে শোণিতপুৰ জিলাৰ তেজপুৰত আয়োজিত সভাত মুখ্য অতিথিৰ বক্তব্য প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, বিগত বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে তেতিয়াৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, নিৰ্বাচনত পুনৰ জিকি চৰকাৰ গঠন কৰিলে মাইক্ৰফাইনেন্সৰ ঋণ লৈ বিপদত পৰা মহিলাসকলৰ বাবে ঋণ ৰেহাই কৰিব। এই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়েই চৰকাৰ গঠন কৰাৰ পাছতে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ মহিলাসকলৰ বাবে প্ৰায় ৭৫০০ কোটিতকৈও অধিক টকাৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে, বিপক্ষৰ বহু নেতাই আশংকা কৰাৰ দৰে ৭৫০০ কোটিতকৈও অধিক ঋণ ৰেহাই দিয়াৰ পাছতো ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নাই, বৰঞ্চ বিগত ডেৰ বছৰীয়া কাৰ্যকালত অসম চৰকাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এটাৰ পাছত আন এটা জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি ৰাজ্যখনক উন্নয়নৰ দিশত আগবঢ়াই নি আছে।

বিগত সময়খিনিত প্ৰথম বাৰৰ বাবে ৰাজ্য চৰকাৰে নিজা পুঁজিৰে উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

চেক বিতৰণ কাৰ্যসূচী
চেক বিতৰণ কাৰ্যসূচী

আনহাতে অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ২০ লাখ মানুহক প্ৰত্যেক মাহে ১২৫০ টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, অনাগত সময়ত এই সাহাৰ্য্যৰ পৰিমাণ ২৫০০ টকা কৰাৰ বাবেও চৰকাৰে চিন্তা চৰ্চা কৰি আছে । একেটা সময়তে ৰাজ্যখনৰ খিলঞ্জীয়া কৃষকসকলক সকাহ দিবৰ বাবে কুইণ্টলে প্ৰতি ১৯৪০ টকাকৈ দৰ নিৰ্দ্ধাৰণ কৰি চৰকাৰে কৃষকসকলক ন্যায় প্ৰদান কৰা বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই।

অনুষ্ঠানৰ পাছত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, অসম চৰকাৰে নিৰ্বাচনৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি প্ৰায় ৭৫০০ কোটি টকাতকৈও অধিক পুঁজি ব্যয়েৰে মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাই দিবলৈ সক্ষম হৈছে। ঋণ ৰেহাই পাবলৈ সক্ষম হোৱা ৰাজ্যখনৰ মহিলাসকলৰ মুখত দেখা হাঁহি চৰকাৰৰ বাবে একোটা ডাঙৰ প্ৰাপ্তি বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তেজপুৰত আজিৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু আন প্ৰশাসনীয় বিষয়াসকল উপস্থিত আছিল।

অনুষ্ঠানত উপস্থিত মন্ত্ৰী,সাংসদ,বিধায়ক আৰু আন প্ৰশাসনিক বিষয়া
অনুষ্ঠানত উপস্থিত মন্ত্ৰী,সাংসদ,বিধায়ক আৰু আন প্ৰশাসনিক বিষয়া

তেজপুৰৰ পৰা মন্ত্ৰীগৰাকীয়ে বিশ্বনাথত উপস্থিত হৈ জিলাখনত আয়োজিত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি-২০২১ৰ অধীনত দ্বিতীয় শ্ৰেণীৰ হিতাধিকাৰী সকললৈ সাহায্য বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে । অনুষ্ঠানত বক্তব্য ৰাখি মন্ত্ৰী পীযুষ হাজৰীকাই নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰাখি মহিলাসকলক মাইক্ৰফাইনেন্সৰ হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হোৱা বাবে সুখী হোৱা বুলি বুলি উল্লেখ কৰে । বিশ্বনাথত আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে সাংসদ পল্লৱ লোচন দাস আৰু জিলাখনৰ অধীনৰ বিধানসভা সমষ্টিকেইটাৰ বিধায়কসকল ক্ৰমে ৰঞ্জিত দত্ত, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰা উপস্থিত আছিল।

pijush hazarika pallab loson tezpur biswanath assam govt