বিশ্বনাথত উপস্থিত কেন্দ্ৰীয় কয়লা আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ ডুবে

সোমবাৰে বিশ্বনাথত উপস্থিত হয় কেন্দ্ৰীয় কয়লা আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ ডুবে। বিশ্বনাথৰ আৱর্ত ভৱনৰ সভাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগত পৰ্যালোচনা বৈঠকত মিলিত হয়  মন্ত্ৰীগৰাকী।

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত উপস্থিত কেন্দ্ৰীয় কয়লা আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ ডুবে

ডিজিটেল সংবাদ, বিশ্বনাথঃ সোমবাৰে বিশ্বনাথত উপস্থিত হয় কেন্দ্ৰীয় কয়লা আৰু খনি বিভাগৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ ডুবে। বিশ্বনাথৰ আৱর্ত ভৱনৰ সভাগৃহত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াৰ লগত পৰ্যালোচনা বৈঠকত মিলিত হয়  মন্ত্ৰীগৰাকী।

Advertisment

প্ৰধানমন্ত্ৰীৰ জনকল্যাণমূলক আঁচনিসমূহ অসমৰ বিশ্বনাথ জিলাত কি ধৰণে ৰূপায়ন হৈছে তাৰে বুজ ল'বলৈ ১৫ টাকৈ বিভাগৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় । ইফালে, ৰাজ্যৰ সমস্যা সমূহৰ পূৰণৰ ক্ষেত্ৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, যিবোৰ সমস্যা সমাধান কৰিবলৈ আছে সেই সমূ্হৰ ৰিপ'ৰ্ট বনাই প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ পঠোৱা হ'ব।

যিসমূহ ৰাজ্য চৰকাৰৰ সমস্যা সেয়া ৰাজ্য চৰকাৰে সমাধান কৰিব আৰু যি সমূহ কেন্দ্ৰীয় চৰকাৰৰ সমস্যা কেন্দ্ৰীয় চৰকাৰে সমাধান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

biswanath