ৰাজ্যবাসীক লোকেল মাছ-মাংস খুৱাবলৈ সাজু মন্ত্ৰী কৃষ্ণেন্দু পাল

অসমৰ পৰা যাতে মাছ,মাংস,কণী আৰু গাখীৰ ৰপ্তানি কৰিব পৰা যায় তাৰ বাবে এক বৃহৎ পৰিকল্পনা লোৱা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,শিলচৰঃ বৰ্তমান অসমৰ মানুহে বাহিৰৰ পৰা আমদানি কৰা মাছ,মাংস,কণী আৰু গাখীৰৰ ওপৰত নিৰ্ভৰশীল। এইবোৰ প্ৰটিন যুক্ত সামগ্ৰীৰ বাবে ৰাজ্য বাসীয়ে আৰু বেছি দিন নিৰ্ভৰ কৰিব লগা নহ'ব। অসমতে উভৈনদী হ'ব মাছ,মাংস,কণী আৰু গাখীৰ। 

নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা পশুপালন বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে অসমৰ মানুহক লোকেল মাছ,লোকেল‌ কণী আৰু থলুৱা ভাবে উৎপাদিত গাখীৰ মাংস খুৱাব। শনিবাৰে শিলচৰত আয়োজিত বিকাশৰ বাৰ দিন কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৰাজ্যৰ ননিযুক্ত পশুপালন মন্ত্ৰী কৃষ্ণেন্দু পালে।

অসমৰ পৰা যাতে মাছ,মাংস,কণী আৰু গাখীৰ ৰপ্তানি কৰিব পৰা যায় তাৰ বাবে এক বৃহৎ পৰিকল্পনা লোৱা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।

ৰাজ্যজুৰি আৰম্ভ হোৱা বিকাশৰ বাৰ দিন কাৰ্যসূচীত অংশ লৈ মন্ত্ৰী গৰাকীয়ে কাছাৰ জিলাত বানত ক্ষতিগ্ৰস্ত ২৫৬ গৰাকীক আৰ্থিক সাহায্যৰ চেক, প্ৰধান মন্ত্ৰীৰ ক্ষুদ্ৰ প্ৰক্ৰিয়াকৰণ উদ্যোগৰ আনুষ্ঠানিকৰণ প্ৰকল্পৰ অধীনত ৩৫৪ গৰাকী আৰু অসম মাইক্ৰ' ফাইনাঞ্চ উৎসাহ আৰু স্বস্তি প্ৰকল্পৰ অধীনত ১৮৩৪ গৰাকী হিতাধিকাৰীক ন' ডিউজ ছাৰ্টিফিকেট প্ৰদান কৰে ।

এই তিনিও খন আঁচনিৰ অধীনত কাছাৰ জিলাৰ মুঠ ২,৪৪৪ গৰাকী হিতাধিকাৰী উপকৃত হব। জিলা আয়ুক্ত মৃদুল যাদবে পৌৰহিত‌্য কৰা এই অনুষ্ঠানত শিলচৰ,উদাৰবন্দ আৰু ধলাইৰ বিধায়ক সকলো উপস্থিত থাকে ।

শিলচৰ