নগাঁৱত আয়োজিত এডভান্টেজ অসম ২.০ৰ কৰ্মশালাত মন্ত্ৰী কৃষ্ণেন্দু পাল

নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত নগাঁৱৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে জিলাভিত্তিত এদিনীয়া এডভান্টেজ অসম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ কৰ্মশালা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱত আয়োজিত এডভান্টেজ অসম ২.০ৰ কৰ্মশালাত মন্ত্ৰী কৃষ্ণেন্দু পাল

নগাঁৱত আয়োজিত এডভান্টেজ অসম ২.০ৰ কৰ্মশালাত মন্ত্ৰী কৃষ্ণেন্দু পাল

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলা প্ৰশাসনৰ সৌজন্যত নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ উদ্যোগত নগাঁৱৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে জিলাভিত্তিত এদিনীয়া এডভান্টেজ অসম ২.০: বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ কৰ্মশালা অনুষ্ঠিত হয়। উক্ত কৰ্মশালাখনি শুভাৰম্ভণি কৰে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী  কৃষ্ণেন্দু পালে ।  

Advertisment

জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আদৰণি ভাষণ প্ৰদান কৰা কৰ্মশালাখনিত উদ্দেশ্য বাখ্যা কৰে জিলা উদ্যোগ আৰু বাণিজ্যি কেন্দ্ৰৰ প্ৰধান পৰিচালক জয়ন্ত পাটোৱাৰীয়ে  । মুখ্য অতিথি  হিচাপে  মন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণত নগাঁও জিলাখনক  মধ্য অসমৰ এখন শক্তিশালী উদ্যোগ কেন্দ্ৰ জিলা হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায় ।
 
অসমৰ সম্ভাৱনাসমূহক সম্পদলৈ ৰূপান্তৰ কৰি ৰাজ্যখনক দেশৰ এখন আগশাৰীৰ উন্নত ৰাজ্যত পৰিণত কৰাৰ বাবে অসম চৰকাৰে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰা অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এডভান্টেজ অসম ২.০ : বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ আয়োজন কৰিছে ।  উক্ত সন্মিলনত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোডী উপস্থিত থকাৰ লগতে প্ৰায় তিনিশ গৰাকী শীৰ্ষ স্থানীয় দেশী-বিদেশী উদ্যোগপতি আৰু তেওঁলোকৰ প্ৰতিনিধি উপস্থিত থাকিব । 

অসমক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ বিনিয়োগ গন্তব্য স্থান ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী  আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এক উল্লেখনীয় পদক্ষেপ হ'ল এডভান্টেজ অসম ২.০ : বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন । 

মন্ত্ৰীগৰাকীয়ে  নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ উপস্থিত থকা ক্ষুদ্ৰ উদ্যোগীসকলক এডভান্টেজ অসম ২.o ৰ বাবে নিজৰ নিজৰ নাম পঞ্জীয়ন কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায় । আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি  নগাঁও-বটদ্ৰবা বিধানসভাৰ বিধায়ক ৰূপক শৰ্মাই তেওঁৰ ভাষণত উল্লেখ কৰে যে, এডভান্টেজ অসম ২.০ হৈছে আমাৰ উঠি অহা নৱপ্ৰজন্মক উদ্যোগৰ প্ৰতি উৎসাহিত কৰাৰ এক উল্লেখনীয় পদক্ষেপ । 

তেখেতে নৱপ্ৰজন্মক চৰকাৰী  কৰ্মসংস্হাপনৰ প্ৰতি আগ্ৰহী নহৈ উদ্যোগ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ আহ্বান জনায় । আজিৰ এই কৰ্মশালাত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, চামগুৰি বিধানসভা সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা, অতিৰিক্ত আয়ুক্ত শৌভিক ভূঞা, হোজাই আৰু মৰিগাঁৱৰ অতিৰিক্ত আয়ুক্তদ্বয়,  নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সম্প্ৰসাৰণ বিষয়াদ্বয় ক্ৰমে-  হাছান মেহমুদ , নৰেন বৰা, মৰিগাঁও জিলাৰ সম্প্ৰসাৰণ বিষয়াদ্বয় ক্ৰমে- নিলোৎপল ডেকা , ৰাজেন্দ্ৰ কুমাৰ বাৰিক, নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ উদ্যোগিক, ব্যৱসায়ী, উদ্যোগিক সংগঠন, ব্যৱসায়িক সংগঠন, আত্মসহায়ক গোটৰ সদস্য সকল আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান ২.০ৰ হিতাধিকাৰীসকল উপস্থিত থাকে ।

ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত এক পৰ্য্যালোচনা বৈঠকত মিলিত হয় । জিলা আয়ুক্তগৰাকীয়ে দৃশ্য-শ্ৰৱ্য মাধ্যমৰে জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে । 

মন্ত্ৰীগৰাকীয়ে অক্টোবৰ মাহৰ ভিতৰত চৰকাৰী আঁচনিৰ উনয়নৰ সকলো কাম বিভাগসমূহক সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে জনসাধাৰণে যাতে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নহয় তাৰবাবে সকলোকে গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।

এডভাণ্টেজ অসম ২.০