আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস মিছনৰ সহযোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি নগাঁৱৰ পুলিচ ৰিজাৰ্ভৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।

author-image
Asomiya Pratidin
New Update
jhbhun

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস মিছনৰ সহযোগত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটি নগাঁৱৰ পুলিচ ৰিজাৰ্ভৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ লোৱা অন্ধপ্ৰদেশৰ বিশাখাপটমত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচী তথা তেখেতৰ ভাষণৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। 

Advertisment

আজিৰ অনুষ্ঠানত নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি কয় যে, "যোগাভ্যাস হৈছে সকলোৰে শাৰিৰীক আৰু মানসিক সুস্থতাৰ আধাৰ। নিয়মিত যোগ সাধনাই মন আৰু মগজুৰ বিকাশতো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰে।" ইফালে, অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই তেখেতৰ ভাষণত উল্লেখ কৰে যে, "ভাৰতীয় সংস্কৃতিৰ বাৰ্তাবাহক তথা ধমনী স্বৰূপ ঋষি সকলে হাজাৰ বছৰ ধৰি প্ৰচাৰ কৰি আহিছে যে, যোগাভ্যাস আৰু প্ৰাণায়ম ধ্যানে মন শৰীৰ ভালে কুশলে ৰাখে। যোগৰ ইতিহাস অতি প্রাচীন আৰু গৌৰৱশালী।" 

তেওঁ লগতে উল্লেখ কৰে যে, এইবাৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু "এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ"ৰ উদ্দেশ্য হৈছে যোগ সাধনাৰ জৰিয়তে সকলোৱে নিজকে সুস্বাস্থ্যবান হিচাপে প্ৰতিষ্ঠা কৰা। ইয়াৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় যোগ প্ৰশিক্ষক প্ৰভাত বৰাই উপস্থিত সকলোকে আন্তঃৰাষ্ট্ৰীয় বিধি অনুসৰি যোগাভ্যাসৰ অনুশীলন কৰাই । এই অনুষ্ঠানতেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোৱা ইংৰাজী ১৩ জুনত অনুষ্ঠিত হোৱা জিলা পৰ্য্যায়ৰ যোগাসন প্ৰতিযোগিতাৰ বিজয়ীসকলক মন্ত্ৰী আৰু বিধায়ক দ্বাৰা বঁটা প্ৰদান কৰা হয় । 

আজিৰ এই যোগ দিৱসৰ কাৰ্যসূচীত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত আয়ুক্ত ক্ৰমে- সুদীপ নাথ, শৌভিক ভূঞা, দেবহুতি বৰা, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়াকে প্ৰমুখ্যে কৰি নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, কৰ্মচাৰী, জিলা আয়ুস মিছনৰ জিলা নডেল বিষয়া, জিলা আঁচনি প্ৰবন্ধক আৰু জিলাখনৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

নগাঁও কেশৱ মহন্ত