সম জিলা সম উন্নয়নৰ বাৰ্তালৈ মানকাচৰলৈ ইজনৰ পাছত সিজন মন্ত্ৰীঃ এইবাৰ উপস্থিত কেশৱ মহন্ত

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে সম জিলা সম উন্নয়নৰ বাৰ্তালৈ মানকাচৰলৈ আহিছে ইজনৰ পাছত সিজন মন্ত্ৰী। শুকুৰবাৰে মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয় হাটশিঙিমাৰীত। 

author-image
Tushar Pratim
New Update
সম জিলা সম উন্নয়নৰ বাৰ্তালৈ মানকাচৰলৈ ইজনৰ পাছত সিজন মন্ত্ৰীঃ এইবাৰ উপস্থিত কেশৱ মহন্ত

ডিজিটেল সংবাদ মানকাচৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতে সম জিলা সম উন্নয়নৰ বাৰ্তালৈ মানকাচৰলৈ আহিছে ইজনৰ পাছত সিজন মন্ত্ৰী। শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হয় জিলাৰ সদৰ হাটশিঙিমাৰীত। 

সন্ধিয়া ৭.৩০ বজাৰ পৰা নিশা প্ৰায় ৯ বজালৈ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই পৰ্যালোচনা সভাখনত অভিভাৱক মন্ত্ৰীগৰাকীৰ লগতে বিধায়ক আমিনুল ইছলাম আৰু প্ৰাক্তন বিধায়ক জাবেদ ইছলাম উপস্থিত আছিল। 

জিলাখনত শীঘ্ৰে হাটশিঙিমাৰী-মানকাচৰ ৰাস্তাৰ কাম আৰম্ভ হোৱাৰ কথা সংবাদমাধ্যমৰ জৰিয়তে জিলাবাসীক মন্ত্ৰীগৰাকীয়ে অৱগত কৰে। একেদৰে আজি জিলাখনৰ ১০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ উদ্যোমী আঁচনিৰ ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহন কৰিব। 

আগন্তক দুমাহৰ ভিতৰত জিলাখনৰ বাবে বহুখিনি ভাল খবৰ আহিব বুলি নিশা পৰ্যালোচনা সভাত উপস্থিত থকা প্ৰাক্তন বিধায়ক জাবেদ ইছলামে জিলাবাসীক অৱগত কৰে।

কেশৱ মহন্ত হাটশিঙিমাৰী