/asomiyapratidin/media/media_files/2025/07/17/keshab-mahanta-17-2025-07-17-21-26-40.jpg)
ডিজিটেল সংবাদ কলিয়াবৰঃ বিশ্বনাথ জিলাৰ অগপৰ নেতা, কৰ্মকৰ্তাৰ লগত মত বিনিময়, পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা বিভিন্ন পঞ্চায়ত সদস্য সদস্যাসকলক অভিনন্দন জনোৱাৰ লগতে এখন সাংগঠনিক সভাত আজি অংশগ্ৰহণ কৰে মন্ত্ৰী কেশৱ মহন্তই। সমাগত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে তৃণমূল পৰ্যায়ত জনসংযোগ বৃদ্ধিৰ যোগেদি দলৰ সাংগঠনিক স্তৰসমূহ পূৰ্ণাংগ ৰূপত সক্ৰিয় কৰাৰ বাবে আজি বিশ্বনাথ জিলা অগপৰ নেতা কৰ্মীসকলক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।
লগতে দলটো শক্তিশালী কৰাৰ স্বাৰ্থত বিভিন্ন দিহা-পৰামৰ্শ, নিৰ্দেশনা আগবঢ়াই মন্ত্ৰী গৰাকীয়ে। ইফালে শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান সভা সমষ্টি কেইটাত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব নে নাই সেয়া পৰবৰ্তী সময়ত সিদ্ধান্ত লোৱা হব বুলি জানিব দিয়ে মন্ত্ৰীগৰাকীয়ে।
ইাফালে অগপৰ কোনো তৃণমূল কৰ্মীয়ে যদি চৰকাৰী বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈছে, তেনে কৰ্মীৰ তালিকা বিচাৰিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব সাংসদ গৌৰৱ গগৈয়ে লোৱাৰ পিছত কংগ্ৰেছৰ ভবিষ্যতৰ বিষয়ে মন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰী গৰাকীয়ে কয় যে "কংগ্ৰেছৰ তেনেকুৱা একো ভৱিষ্যত দেখা নাই। সমগ্ৰ অসমৰ ছবিখন পৰ্যালোচনা কৰিলে দেখা যায় যে কংগ্ৰেছ দলে এইবাৰ এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ মাজত সোমাই পৰিব।