Advertisment

নগাঁৱত বিভাগীয় পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ মন্ত্ৰী কৌশিক ৰায়ৰ..

জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে বৰ্তমান জিলাখনত খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আৰু বৈধ্য পৰিমাণ বিজ্ঞান বিভাগৰ বিভিন্ন কাৰ্যৱলীৰ বিষয়ে বৈঠকত অৱগত কৰে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,নগাঁওঃ অসম চৰকাৰৰ খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে বিভাগীয় কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যেৰে আজি নগাঁৱত উপস্থিত হৈ নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ আৰু বৈধ্য পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়া সকলৰ লগত এক পৰ্যালোচনা বৈঠকত মিলিত হয় ।

Advertisment

জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে দৃশ্য-শ্ৰৱ্য মাধ্যমেৰে বৰ্তমান জিলাখনত খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আৰু বৈধ্য পৰিমাণ বিজ্ঞান বিভাগৰ বিভিন্ন কাৰ্যৱলীৰ বিষয়ে বৈঠকত অৱগত কৰে । বৈঠকত মন্ত্ৰী গৰাকীয়ে জিলাখনৰ ৰেচনকাৰ্ডৰ e-KYCৰ স্থিতিৰ বুজ লৈ ইয়াৰ কাম আগন্তুক মাঘ বিহুৰ আগতেই সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে । 

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে সমবায় সমিতি সমূহৰ পৰিবহণ ব্যয় সময়মতে মুকলি কৰি দিবলৈ আৰু জিলা মূল্য নিৰীক্ষণ টাস্ক ফৰ্চৰ সভাখন মাহেকীয়া হিচাপে অনুষ্ঠিত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায় । তদুপৰি মন্ত্ৰীগৰাকীয়ে বৈধ্য পৰিমাণ বিজ্ঞান বিভাগৰ বিষয়া সকলক নিয়মীয়াকৈ জিলাখনৰ পে’ট্ৰল পাম্পৰ লগতে গেলামালৰ দোকান আদি নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে । 
তেখেতে চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা বিভাগীয় আঁচনিসমূহ সফল ৰূপায়ণৰ বাবে উপস্থিত সকলোকে নিষ্ঠা সহকাৰে নিজৰ কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায় ।

আজিৰ এই বৈঠকত নগাঁও-বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, ভূতত্ব আৰু খনি বিভাগৰ সঞ্চালক এন. আনন্দ, খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ আয়ুক্ত আনন্দ কুমাৰ দাস উপস্থিত থাকে।

লগতে উপস্থিত থাকে ৰহা সমজিলাৰ সম আয়ুক্ত ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, কলিয়াবৰ সমজিলাৰ সম আয়ুক্ত লিজা তালুকদাৰ, অতিৰিক্ত আয়ুক্ত কাকু মনি শইকীয়া, খাদ্য,ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, নগাঁৱৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক দ্বীপেন শর্মাকে প্ৰমুখ্য কৰি বিভাগীয় বিষয়াসকল, চেম্বাৰছ অৱ কমাৰ্চৰ প্ৰতিনিধি সকল আৰু পাইকাৰী ব্যৱসায়ী সন্থাৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।

কৌশিক ৰায়