/asomiyapratidin/media/media_files/2025/04/23/pstxCi26xNU6ZXd4w4HD.jpg)
ডিজিটেল সংবাদ, শিলচৰ : লুঙী, হাফপেন্ট আৰু ৱাইনশ্বপক লৈ এতিয়া গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। বিজেপিয়ে এতিয়া পদুলিয়ে পদুলিয়ে ৱাইনশ্বপ আঁচনি আৰম্ভ কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মন্তব্য কৰাৰ পিছত এইবাৰ ভূপেন বৰাক উভতি ধৰিছে মন্ত্ৰী কৌশিক ৰায়ে।
অসমত প্ৰথমে কংগ্ৰেছেই ৱাইনশ্বপ প্ৰদান কৰি যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি অভিযোগ কৌশিক ৰায়ৰ। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ধন লৈ টিকট দিয়া অৰ্থাৎ কেছ ফ'ৰ টিকট প্ৰসংগ উল্লেখ কৰি কৌশিক ৰায়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাক তীব্ৰ সমালোচনা কৰে।
মন্ত্ৰী ৰায়ে কয়- ইয়াৰ বাবে কংগ্ৰেছে কমিটী গঠন কৰিব লগা হৈছে। ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে। ভূপেন বৰাৰ লাজ থাকিলে ভোট বিচাৰিবই নালাগে বুলি কটাক্ষ কৰে ৰায়ে । কাছাৰৰ বৰখলা সমষ্টিৰ চান্দপুৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে কংগ্ৰেছ আৰু ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী কৌশিক ৰায়ে।
ইফালে, বিৰোধীৰ দখলত থকা বৰখলা আৰু কাটিগৰা সমষ্টিত বিৰোধী কংগ্ৰেছৰ কোনো অস্তিত্বই নাই বুলি দাবী কৰি কৌশিক ৰায়ে কয় যে, এইবাৰ কাছাৰত কংগ্ৰেছ মুক্ত জিলা পৰিষদ গঠন কৰিব বিজেপিয়ে। তাৰোপৰি পেহেলগামৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা জনাই কৌশিক ৰায়ে কয় যে পাকিস্তানী সন্ত্ৰাসবাদীৰ এই বৰ্বৰ ঘটনাত আজি সমগ্ৰ দেশ শোকাহত । কেন্দ্ৰীয় চৰকাৰে কঠোৰ হাতেৰে এই সন্ত্ৰাসবাদীক দমন কৰিব বুলি দাবী কৰে কৌশিক ৰায়ে।