/asomiyapratidin/media/media_files/2025/05/02/fvdo3mCzyY6kEYagK1um.jpg)
ডিজিটেল সংবাদ, শিলচৰ : আজি কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন আঞ্চলিক পঞ্চায়তৰ মুঠ ৪,৮৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰাৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছে ১০ লাখ ৬০ হাজাৰ ১৫৫ গৰাকী ভোটাৰে। ভোটদান কৰিবলৈ পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি ভিৰ কৰিছে ভোটাৰসকলে।
ইতিমধ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰলৈ সপৰিয়ালে আহিছে মন্ত্ৰী কৌশিক ৰায়। মন্ত্ৰীগৰাকীয়ে বৰখলা সমষ্টিৰ বৰচাংগনস্থিত কালিকা প্ৰসাদ ৰাই এম ই স্কুল কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে।
ভোটদান কৰি মন্ত্ৰীগৰাকীয়ে কয় এইবাৰ অসমত কংগ্ৰেছমুক্ত আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিব বিজেপিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যিদৰে সমগ্ৰ ৰাজ্যখনত উন্নয়ণৰ ধাৰা বোৱাইছে, তাৰ নিৰিখতে এইবাৰ ৰাইজে বিজেপিৰ পক্ষত ভোটদান কৰিব।
বৰাকৰ তিনিওখন জিলাৰ আটাইকেইখন জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে বিজেপিৰ প্ৰতিদ্বন্দ্বিতা হ’ব। বৰাকত কংগ্ৰেছ তৃতীয় স্থানত থাকিব বুলি দাবী কৰে কৌশিক ৰায়ে। পঞ্চায়ত নিৰ্বাচনৰ পিচত বৰাকত কংগ্ৰেছ শূণ্য হ'ব বুলিও দৃঢ়তাৰে দাবী কৰে কৌশিক ৰায়ে।