Advertisment

ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা শীতকালীন উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ব্যক্তিগত জীৱনতো ময়ো আহোম ৰজাৰ বিষয়া আছিলো। সেই কাৰণে আহোম ৰাজবংশৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক কিছু মধুৰ। কাৰণ নামনি অসমৰ মল্লবুজৰবৰুৱা আহোম ৰজাই আমাক পাতিছিল...

author-image
Asomiya Pratidin
New Update
ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা শীতকালীন উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা শীতকালীন উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ডিজিটেল সংবাদ, শিৱসাগৰ : ব্যক্তিগত জীৱনতো ময়ো আহোম ৰজাৰ বিষয়া আছিলো। সেই কাৰণে আহোম ৰাজবংশৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক কিছু মধুৰ। কাৰণ নামনি অসমৰ মল্লবুজৰবৰুৱা আহোম ৰজাই আমাক পাতিছিল। সেই কাৰণে আজিও আহোম ৰাজবংশৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা বা যি ব্যৱস্থা সেয়া সদায় থাকে। - এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। 

Advertisment

টাই-আহোম যুৱ পৰিষদ (টাইপা) আৰু ৰংপুৰ মেলা আয়োজক সমিতিৰ দ্বাৰা বুধবাৰে শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত আয়োজন কৰা হয় পঞ্চদশ বার্ষিক 'ৰংপুৰ মেলা শীতকালীন উৎসৱ। এই উৎসৱত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

ৰংঘৰ
ৰংঘৰ

 

তেওঁ লগতে কয় যে আজিও আমাৰ ঘৰৰ দুৱাৰমুখত ৰুদ্ৰসিংহদেৱৰ দিনত খন্দা পুখুৰী আছে। ৰাতিপুৱা শুই উঠি স্বৰ্গদেউৰ দিনত খন্দা এই পুখুৰীটোৰে আমাৰ জীৱন আৰম্ভ হয়। গতিকে এই ৰাজবংশটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা সদায় থাকে। কথিত আছে যে আহোম স্বৰ্গদেউ গদাধৰ সিংহ যিসময়ত পলাই ফুৰিছিল, সেই সময়ত নামনি অসমৰ আমাৰ গাঁৱত গৈ আছিল। এই ৰাজবংশৰ লগত সেই তেতিয়াৰ পৰাই আমাৰ সম্পৰ্ক আৰু সেই সূত্ৰেই নামনি অসমৰ মল্লবুজৰবৰুৱা হিচাপে আমি খ্যাত আৰু আহোম ৰজাই দিয়া যি উপাধি সেই উপাধি আজিও আমি বুজৰবৰুৱা হিচাপে ৰাইজক চিনাকি দিওঁ। 

 ৰংপুৰ মেলা শীতকালীন উৎসৱ
ৰংপুৰ মেলা শীতকালীন উৎসৱ

 

মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে অসমত একমাত্ৰ এটাই আমি পৰিয়াল, আমি আহোম ৰাজবংশৰ মল্লবুজৰবৰুৱা বুলি কওঁ আৰু অসমত যিমান মল্লবুজৰবৰুৱা দেখিব সেয়াও এটাই পৰিয়াল। আহোম ৰাজবংশই দিয়া উপাধিৰে আজিও আমি নিজৰ চিনাকি দি আছো। সেই কাৰণে আমাৰ গাঁও বা অঞ্চলসমূহত আহোম ৰাজত্বৰ চিনাকি এতিয়াও আছে। তাত দেৱালয়সমূহেই হওক বা পোৱা পুখুৰীসমূহেই হওক এইসমূহে সদায় আমাক সেই চিনাকিৰ মাজেৰে আগবঢ়াই নিয়ে।

ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা শীতকালীন উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা শীতকালীন উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

 

মন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজিত সভাত ভাষণ দাঙি ধৰি অতীজৰে পৰা চলি এটা সাংস্কৃতিক বান্ধোন বা সম্পৰ্কক এনেদৰে আগবঢ়াই নিয়াৰ কাৰণে যিসকল ব্যক্তিয়ে বিশেষকৈ আহোম জনগোষ্ঠীৰ কেবাজনো ব্যক্তিয়ে বিশেষভাৱে চেষ্টা কৰি আছে তাৰ শলাগ লয়। এই চেষ্টাই আমাৰ গোটেই ছাউথ-ইষ্ট এছিয়াৰ সমগ্ৰ দেশৰ লগত এটা সমন্বয়ৰ বাতাবৰণো সৃষ্টি কৰিব মন্ত্ৰীগৰাকীয়ে কয়। মন্ত্ৰীগৰাকীয়ে টাই ভাষাক লৈ বা টাই সংস্কৃতিক লৈ যিসকল লোকে বহুদিনৰ পৰা বিভিন্ন ধৰণে চেষ্টা কৰি আজি এই পৰ্যায়লৈ আনিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰে। 

ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা শীতকালীন উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
ৰংঘৰৰ বাকৰিত অনুষ্ঠিত ৰংপুৰ মেলা শীতকালীন উৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

 

মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ স্বৰ্গদেউসকলে বিভিন্ন ব্যৱস্থাৰ মাজেৰে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীক একেলগ কৰি সকলো দিশতে সমৃদ্ধ কৰিবৰ কাৰণে সময়ে সময়ে যি কাম কৰি আহিছিল তাৰ এক ঐতিহাসিক ঠাই হ’ল এই ৰংপুৰৰ বাকৰি বা ৰংঘৰৰ বাকৰি। কাৰণ তৃতীয়খন ৰাজধানী ইয়াত কৰাৰ সময়ত স্বৰ্গদেউ ৰুদ্ৰসিংহই এই অঞ্চলক ৰঙৰ মেলা বা ৰংপুৰ হিচাপে স্থাপন কৰি ইয়াত যি এক সাংস্কৃতিক পৰম্পৰা আৰু পৰম্পৰাগত খেল-ধেমালিৰ পৰম্পৰা সৃষ্টি কৰিছিল ইয়ে আজিও আমাৰ জাতিটোক বহুত কথা-বতৰা দি যায়। 

ৰংঘৰ
ৰংঘৰ

 

ভাষণ প্ৰসংগত তেওঁ এই ৰংঘৰতেই এটা ডাঙৰ ৰংঘৰ নিৰ্মাণৰ প্ৰকল্পৰ কাম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা-চৰ্চাৰে আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে। ইতিধ্যে ইয়াৰ ভূমি অধিগ্ৰহণৰ কাম আৰম্ভ হৈছে আৰু খুব কম দিনৰ ভিতৰত প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।

Jayanta Mallabaruah ৰংঘৰ