/asomiyapratidin/media/media_files/2024/12/25/UBPm5Bs2opLeITad2IBc.png)
khel maharan 2.0
ডিজিটেল ডেস্ক : ৰাজ্যক চুকে-কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহকত উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে 'খেল মহাৰণ' শীৰ্ষক কাৰ্যসূচী । ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণে সম্ভাৱনাপূৰ্ণ ক্ৰীড়াবিদসকলৰ শ্ৰেষ্ঠত্ব সমূহ প্ৰদৰ্শন কৰা আৰু প্ৰতিভাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত সুযোগ প্ৰদান কৰিছে ।
/asomiyapratidin/media/media_files/2024/12/25/vzpHzU2om8pppPcjn2JO.jpg)
বুধবাৰে খেল মহাৰণ ২.০ৰ নলবাৰী বিধানসভা সমষ্টি পর্যায়ৰ প্ৰতিযোগিতা উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । নলবাৰীৰ চৰকাৰী গৰ্ডন স্কুল খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতালৈ ইতিবাচক সঁহাৰি জনাই নলবাৰী সমষ্টিৰ ১৫০০তকৈ অধিক ক্ৰীড়া প্ৰতিভাই অংশগ্ৰহণ কৰিছে ।
/asomiyapratidin/media/media_files/2024/12/25/J7txZhYYjkfRC05m3OOL.jpg)
প্ৰতিযোগিতাখন উদ্বোধন কৰি ভাষণ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়- 'খেল মহাৰণৰ জৰিয়তে মানুহৰ মাজত গঢ় লৈ উঠা ক্ৰীড়া মানসিকতাই ৰাজ্যত ক্ৰীড়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগাব' । 'খেল কেৱল প্ৰতিযোগিতাই নহয় আমাৰ শাৰিৰীক আৰু মানসিক গঠনৰ বাবে খেলৰ প্ৰয়োজন',নতুন প্ৰজন্মৰ মাজত এই ক্ৰীড়া প্ৰতিযোগিতাই আশাৰ ৰেঙণি দিছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ।
/asomiyapratidin/media/media_files/2024/12/25/YEDTd7mLwkU9sXb9Sze1.jpg)
খেল মহাৰণ ২.০ প্রতিযোগিতাই অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত এক জাগৰণ আনিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী খেলুৱৈক ভৱিষ্যত জীৱনৰ বাবে শুভেচ্ছা প্ৰদান কৰাৰ লগতে ক্ৰীড়াৰ মাজেৰে কি দৰে নিজৰ বিকাশ সাধনৰ কাম কৰিব লাগে সেই সন্দৰ্ভত উদগণিমূলক মন্তব্য আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।