ওদালগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জীতিন প্ৰসাদৰ

ওদালগুৰিত উপস্থিত হৈ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ আয়ুষ্মান কাৰ্ডৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। লগতে হিতাধিকাৰী‌ৰ সৈতেও কথা পাতে

author-image
Asomiya Pratidin
New Update
dfdfd

ডিজিটেল সংবাদ,ওদালগুৰি: কেইবাটাও কাৰ্যসূচীৰে ওদালগুৰি ভ্ৰমণলৈ অহা ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য তথা তথ্য আৰু প্ৰযুক্তি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জীতিন প্ৰসাদে দেওবাৰে ওদালগুৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীক চিকিৎসালয় চৌহদত স্বাস্থ্য বিভাগৰ বিষয়া, কৰ্মচাৰী তথা চিকিৎসালয় কৰ্তৃপক্ষই উষ্ম আদৰণি জনায়।

মন্ত্ৰী গৰাকীয়ে শিশু ৱাৰ্ড, মহিলা ৱাৰ্ড, পুৰুষ ৱাৰ্ড পৰিদৰ্শন কৰি ৰোগীসকলৰ সুবিধা অসুবিধাৰ বুজ লয়। প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ আয়ুষ্মান কাৰ্ডৰ কাম কাজৰ অগ্ৰগতিৰ বিষয়ে বুজ লয়। লগতে হিতাধিকাৰী‌ৰ সৈতেও কথা পাতে। চিকিৎসালয়খনৰ ৰোগীৰ সংখ্যা, গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ সংখ্যা আদিৰ বিভিন্ন বিষয়ে চিকিৎসালয়খনৰ প্ৰশাসন বিষয়া অজয় কলিতাৰ পৰা সম্যক বুজ লয়।

লগতে চিকিৎসালয়খনৰ বিভিন্ন অভাৱ সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অৱগত কৰিব বুলি জানিবলৈ দিয়ে। মন্ত্ৰী গৰাকীয়ে ষ্টাফ নাৰ্ছসকলৰ সৈতেও কথোপকথন কৰি তেওঁলোকৰ অভাৱ অভিযোগ আছে নেকি জানিব বিচাৰে। জিলা স্বাস্থ্য সমিতি, ওদালগুৰিৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা. ভুৱনেশ্বৰ স্বৰ্গীয়াৰী আৰু চিকিৎসালয়ৰ অধীক্ষক ডা. চিদানন্দ ঠাকুৰীয়াই মন্ত্ৰীগৰাকীক চিকিৎসালয় খনৰ সকলো দিশ উল্লেখিত এখন বুলেটিন প্ৰদান কৰে।

ওদালগুৰি