ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ শিক্ষা আৰু ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু বুধবাৰে ঢকুৱাখনা ভ্ৰমণ কাৰ্যসূচীলৈ উপস্থিত হয় প্ৰেছ গীল্ড ঢকুৱাখনাৰ কাৰ্যালয়ত। ঢকুৱাখনাৰ সংবাদসেৱী সকলৰ উমৈহতীয়া মঞ্চ প্ৰেছ গীল্ডত উপস্থিত হোৱা বিশিষ্ট জনগোষ্ঠীয় নেতা তথা মন্ত্ৰী গৰাকীক প্ৰেছ গীল্ডৰ তৰফৰ পৰা উষ্ণ অভিনন্দন জ্ঞাপন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-04/zwew2b10/458489661_122112151154468492_1258381946093069970_n.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-04/y7gl48e6/458453012_122112151310468492_4749257809077886602_n.jpg)
প্ৰেছ গীল্ডৰ সভাপতি তুলন দত্ত ,সাধাৰণ সম্পাদক পুলক জ্যোতি বৰাকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক সদস্য উপস্থিত থাকি মন্ত্ৰী ডাঃ পেগুক ফুলাম গামোচা ,জাপিৰে সম্বৰ্ধনা জনাই মন্ত্ৰী গৰাকীৰ আগমনৰ বাবে শলাগ লয়। অগপ নেতা মহেশ দলে, সমুজ্জল চেতিয়াৰ লগতে বহু সংখ্যক শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত প্ৰেছ গীল্ডৰ সম্পাদক পুলক জ্যোতি বৰা আৰু সভাপতি তুলন দত্তই নব নিৰ্মিত গীল্ডৰ ভৱনৰ আধৰুৱা কামৰ লগতে তৃতীয় মহলত প্ৰস্তাৱিত গ্ৰন্থাগাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় পুঁজি আবন্টনৰ অনুৰোধ জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে। মন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই এই সন্দৰ্ভত প্ৰয়োজনীয় কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে । মন্ত্ৰী ডাঃ পেগুক ঢকুৱাখনাৰ বিধায়ক নৱ দলেয়ে সংগ দিয়ে ।
Also Read: মধ্যপ্ৰদেশ হাই ক'ৰ্টৰ বিৰুদ্ধে বম্বে হাই ক'ৰ্টৰ কাষ চাপি মুখ থেকেচা খালে কংগনাই