অসুস্থ ছবি পৰিচালক পুলক গগৈৰ উন্নত চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰী বিমল বৰাৰ..

জি এম চি এইছত চিকিৎসাধীন হৈ আছে ছবি পৰিচালকগৰাকী...

author-image
Asomiya Pratidin
New Update
অসুস্থ ছবি পৰিচালক পুলক গগৈৰ উন্নত চিকিৎসাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ মন্ত্ৰী বিমল বৰাৰ..

bimal bora

ডিজিটেল ডেস্কঃ অসুস্থ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক পুলক গগৈ। শাৰীৰিক ভাৱে অসুস্থ হৈ পৰা জ্যেষ্ঠ চলচ্চিত্ৰ পৰিচালক পুলক গগৈক আজি গুৱাহাটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কিডনীৰ সম্যাত ভূগি থকা চলচ্চিত্ৰ পৰিচালকগৰাকীকৰ চিকিৎসা এটা বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চলি আছে।

Advertisment

ইফালে আজি ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জি এম চি এইছত উপস্থিত হৈ পৰিচালকগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসকৰ সৈতেও মতবিনিময় কৰে। মত বিনিময়ৰ অন্তত পৰিচালকগৰাকীৰ স্বাস্থ্যৰ অৱস্থাত উন্নত কৰিবলৈ চিকিৎসকক নিৰ্দেশ দিবলৈ প্ৰয়োজনীয় সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।

ছবি পৰিচালক পুলক গগৈক সাক্ষাৎ কৰাৰ পিছতে সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰী বিমল বৰাই এই কথা প্ৰকাশ কৰিছে। তেওঁ ফেচবুকত কেইখনাম ফটো আপলোড কৰি লিখিছে- ''অসমৰ সাংস্কৃতিক জগতৰ এগৰাকী মহান ব্যক্তি একাধাৰে চিত্ৰশিল্পী, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক,ৰজতকমল বঁটা প্ৰাপক শ্ৰদ্ধাৰ পুলক গগৈ ডাঙৰীয়া দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে।

তেখেতৰ অসুস্থতাৰ বিষয়ে খৱৰ পাই চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে,গগৈ দেৱৰ সৈতে বাৰ্তালাপ কৰোঁ। তেখেত যাতে অতি সোনকালেই সুস্থ হৈ উঠি পুনৰ সংস্কৃতিৰ সাধনাত ব্ৰতী হ'ব পাৰে তাৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা সেৱা প্ৰদান কৰিবলৈ চিকিৎসকলক আহ্বান জনাওঁ।

আমাৰ সৈতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক শ্ৰীমতী মিনাক্ষী দাস নাথ ডাঙৰীয়ানী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° অচ্যুত বৈশ্য ডাঙৰীয়া উপস্থিত থাকে।''

assam pulok gogoi gmch bimal bora guwahati