বিশ্বনাথত মন্ত্ৰী অশোক সিংহলৰ যোগাভ্যাস...

এই কাৰ্যসূচীত অসমৰ জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বিশ্বনাথঃ  বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাবে আজি বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ প্ৰেক্ষা গৃহত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰে। এইবাৰৰ যোগ দিৱসৰ মূল বিষয় হৈছে "এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ"।

Advertisment

জিলা প্ৰশাসনৰ এই কাৰ্যসূচীত অসমৰ জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাবে অংশ গ্ৰহণ কৰে।

এই বিশেষ কাৰ্যসুচীত জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ বিষয়া সকল, স্বাস্থ্য বিভাগৰ বিষয়া সকলে অংশগ্ৰহণ কৰে। এই যোগ দিৱসত বিশ্বনাথ যোগ কেন্দ্ৰৰ প্ৰশিক্ষক ৰূপত গীতাঞ্জলী শইকীয়াৰ নেতৃত্বত যোগাসন কৰোৱা হয়।

অশোক সিংহল