ছেৰফাংগুৰীত মিনি চিনেমা হল উদ্বোধন...

প্ৰয়াত শিল্পী টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ স্মৃতিত নিৰ্মাণ কৰা এটা মিনি চিনেমা হল কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে।

author-image
Asomiya Pratidin
New Update
ছেৰফাংগুৰীত মিনি চিনেমা হল উদ্বোধন...

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীত সোমবাৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে মিনি চিনেমাহল মুকলি কৰে। প্ৰয়াত শিল্পী টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ স্মৃতিত আটকধুনীয়াকৈ নিৰ্মাণ হোৱা ডিজিটেল চিনেমা হলটোৱে সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুবিধাজনক হ'ব বুলি বিবেচিত হৈছে।  

ইপিনে ডিজিটেল মিনি চিনেমা হলটো আনুষ্ঠানিকভাৱে মুকলি কৰি প্ৰমোদ বড়োৱে কয় যে, মিনি চিনেমা হলত ১৫০ লোকে জন একেলগে চিনেমা উপভোগ কৰিব পাৰিব। বি টি আৰৰ বিভিন্ন স্থানত এনেধৰণৰ ৬ টা মিনি ডিজিটেল চিনেমা হল নিৰ্মাণ কৰা হ'ব বুলি সদৰি কৰি প্ৰমোদ বড়োৱে কয় যে, ইয়াৰে এটা কোকৰাঝাৰত ডাঙৰকৈ নিৰ্মাণ কৰা হ'ব য'ত ৫০০ লোকে একেলগে বহি চিনেমা উপভোগ কৰিব পাৰিব ।

চিনেমা হল নিৰ্মাণৰ ফলত সাংস্কৃতিক ক্ষেত্ৰখন লাভাম্বিত হ'ব বুলি মন্তব্য কৰি সকলো বড়ো শিল্পী, কলা-কুশলীলৈ শুভেচ্ছা জনাইছে প্ৰমোদ বড়োৱে। মিনি চিনেমাহল মুকলি অনুষ্ঠানত বিধায়ক লৰেঞ্চ ইছলাৰীও উপস্থিত থাকে। 

প্ৰমোদ বড়ো কোকৰাঝাৰ